গণৰাজ্য দিৱসৰ পেৰেড : দেখা নাযাব অসমৰ প্ৰতীক পট

গণৰাজ্য দিৱসৰ অনুষ্ঠানত এইবাৰো দেখা নাযাব অসমৰ প্ৰতীক পট। একেৰাহে দ্বিতীয়বাৰলৈ নতুন দিল্লীৰ ৰাজপথত প্ৰদৰ্শিত নহয় অসমৰ প্ৰতীক পট। ২০২৫ৰ ২৬ জানুৱাৰীৰ পেৰেডত এইবাৰো দেখা নাযাব অসমক প্ৰতিনিধিত্ব কৰা প্ৰতীক পট। ৰাষ্ট্ৰীয় ৰাজধানী চহৰত অনুষ্ঠিত হ’বলগীয়া ভব্য সমাৰোহত ৰাজ্যসমূহে নিজৰ প্ৰতীক পট প্ৰদৰ্শন কৰে। কিন্তু ৰোটেচন পলিচীৰ বাবে দ্বিতীয় বছৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব অসমৰ প্ৰতিনিধিত্ব। ২০২৬ চনতহে ৰাষ্ট্ৰীয় ৰাজধানীত গণৰাজ্য দিৱসৰ পেৰেডত দেখা যাব অসমৰ প্ৰতীক পট। অৱশ্যে গণৰাজ্য দিৱসৰ প্ৰদৰ্শনী অনুষ্ঠানৰ সময়ত লালকিল্লাত প্ৰদৰ্শিত হ’ব অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউ মৈদামৰ সবিশেষ। এইবাৰৰ প্ৰদৰ্শনীৰ বিষয় হৈছে স্বৰ্ণিল ভাৰত: বিৰাছট আৰু বিকাশ। ৩১ জানুৱাৰীত সামৰণি পৰিব এই প্ৰদৰ্শনীৰ। অহা বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীক পট হ’ব শৰাই। হাজো আৰু সৰ্থেবাৰীৰ কাঁহ শিল্পক তুলি ধৰা হ’ব। লগতে সত্ৰীয়া নৃত্য আৰু বিহু নৃত্যও পৰিৱেশিত হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...