ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতৰ মুৰব্বী অসম আৰক্ষীৰ জালত পৰিল। নিৰ্বাচনৰ পূৰ্বে কূটাঘাতৰ লক্ষ্যৰে বাংলাদেশৰ পৰা আহি ধুবুৰীত বাহৰ পাতিছিল দুই সন্ত্ৰাসবাদী সদস্য। সেই খবৰ পোৱাৰ পাছতেই পুৱতি নিশা অভিযান চলালে আৰক্ষীয়ে। দুই সন্ত্ৰাসবাদী জালত পৰাৰ পাছতেই ভয়াৱহ তথ্য আহিছে পোহৰলৈ। সন্ত্ৰাসবাদী সদস্য দুজনৰ টাৰ্গেট আছিল কূটাঘাত আৰু সদস্যভৰ্তি। হৰিশ ফাৰুকী নামৰ সন্ত্ৰাসবাদীটোৱে জানিছিল সহজে ISISৰ প্ৰতি আকৰ্ষিত কৰা মন্ত্ৰ। মাৰণাস্ত্ৰক যোগানতো জড়িত আছিল দুই সন্ত্ৰাসবাদী।

সময়সীমা- নিৰ্বাচন
লক্ষ্য- কূটাঘাত
অসমত ISISৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ খোপনি

গোপন সূত্ৰৰ পৰা এটা বিশেষ খবৰ আহিল অসম আৰক্ষীলৈ। দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছৰ দুই সদস্যই বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে। সেই খবৰ পোৱামাত্ৰকে সষ্টম হৈছিল অসম আৰক্ষী। কাৰণ অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা দুই সদস্যৰ ভিতৰত আছিল ISISৰ ভাৰতৰ মুৰব্বী হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকী।

গোপন খবৰৰ ভিত্তিতেই ধুবুৰীৰ ধৰমশালাত চলিল অভিযান। পুৱতি নিশা চাৰিমান বজাত অভিযান চলাই গ্ৰেপ্তাৰ আইছিছৰ দুই দুৰ্ধৰ্ষ সদস্য। জালত পৰিল হৰিশ আজমল ফাৰুকী আৰু মনবীৰ সিং ওৰফে ৰিহান। ফটো ব্যৱহাৰ কৰি STF-এ চিনাক্ত কৰিছিল দুয়ো সন্ত্ৰাসবাদীক। অভিযানত সহায় কৰিছিল ধুবুৰীৰ স্থানীয় ৰাইজেও। দুয়োৰে পৰিচয় ৰাজহুৱা কৰিছে অসম আৰক্ষীয়ে। লগতে প্ৰকাশ কৰিছে দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ কোনজন কি কামত আছিল পাকৈত।

ধৃত হাৰিশ ফাৰুকীৰ ঘৰ ডেৰাডুনত
অনুৰাগ সিং পানীপথ হাৰিয়ানাৰ বাসিন্দা

ধুবুৰীত বাহৰ পাতি পৰা বাংলাদেশৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি আহিছিল ধৃত ISIS সদস্য দুজনে।
হৰিশ ফাৰুকীয়ে জানিছিল সহজে ISISৰ প্ৰতি আকৰ্ষিত কৰাৰ মন্ত্ৰ
ISISত সদস্যভৰ্তিৰ দায়িত্বতো আছিল হৰিশ ফাৰুকী
বোমা বিস্ফোৰণতো পাকৈত হৰিশ ফাৰুকী

ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতেই অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এক চমজাই দিলে দুই দুৰ্ধৰ্ষ আইছিছ সদস্যক। কাৰণ হৰিশ ফাৰুকী আৰু মনবীৰ সিং NIAৰ মোষ্ট ৱান্টেড সন্ত্ৰাসবাদী।

এই দুই সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত NIA আৰু অসম আৰক্ষীয়ে পৃথকে পৃথকে চলাব তদন্ত। আৰক্ষীয়ে প্ৰকাশ কৰামতে মনবীৰ সিঙে গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম। বাংলাদেশী মূলৰ এগৰাকী যুৱতীৰ সৈতে মনবীৰৰ বিবাহ সম্পন্ন হৈছিল।
ISISৰ এই দুই সন্ত্ৰাসবাদীয়ে ধন সংগ্ৰহ, সদস্যভৰ্তিৰ কাম চলাই আছিল
মাৰণাস্ত্ৰ যোগানতো জড়িত আছিল ২ সন্ত্ৰাসবাদী
মানসিকতা পৰিৱৰ্তনত সিদ্ধহস্ত দুয়োজন

কেইবাটাও IED বিস্ফোৰণেৰে এলানি সন্ত্ৰাসমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা আছিল
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম
STFৰ সফল অভিযান

আৰক্ষীয়ে এতিয়ালৈ অৱশ্যে অসমৰ কোনো যুৱক-যুৱতীয়ে ISISত যোগদান কৰাৰ তথ্য লাভ কৰা নাই। কিন্তু পোহৰলৈ আহিব বহু কথা। কাৰণ বহুত কিবাকিবি পৰিকল্পনা কৰিছিল আইছিছৰ দুই সন্ত্ৰাসবাদী হৰিশ ফাৰুকী আৰু মনবীৰ সিঙে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...