ড্ৰাগছৰ ব্যৱসায় কৰা সকলহে অপৰাধী, ড্ৰাগছ বেপাৰীক শেষ কৰিব অসম আৰক্ষীয়ে, সকীয়নি ডিজিপিৰ

ড্ৰাগছ সেৱন কৰাসকল ৰোগী, তেওঁলোকক সুস্থ কৰিব লাগিব৷ ড্ৰাগছৰ ব্যৱসায় কৰা সকলহে অপৰাধী, তেওঁলোকক শেষ কৰাটোহে আৰক্ষীৰ উদ্দেশ্য৷ ড্ৰাগছৰ বিৰুদ্ধে বজ্ৰকঠোৰ অসম আৰক্ষী৷ শদিয়াত উপস্থিত হৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কঠোৰ সকীয়নি। আনহাতে, আলফা(স্বাঃ)ত নতুনকৈ যুৱক কিশোৰ যোগদান কৰা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আলফা(স্বাঃ)ত পূৰ্বতেও বহুত যুৱক-যুৱতী গৈছিল৷ যি সকল গৈছে পুনৰ উভতি আহিব এদিন৷ পুনৰ মূলসুঁতিলৈ এদিন উভতি আহিব বুলি মন্তব্য ভাস্কৰজ্যোতি মহন্তৰ। উল্লেখ্য যে, আজি শদিয়াৰ চপাখোৱাস্থিত শদিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰে৷ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত ভৱনৰ উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে৷ শদিয়াৰ লগতে ধেমাজি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে৷ উক্ত কাৰ্যসূচীত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ লগতে শদিয়াৰ বিধায়ক বলীন চেতিয়া, উপ-আৰক্ষী মহা পৰিদৰ্শক(উত্তৰ-পূব সংমণ্ডলৰ) জীৎমল দলে, অসম পুলিচ হাউছিং কৰপৰেচনৰ MD অৰবিন্দ কলিতা, ১৪ নং অসম ৰেজিমেণ্টৰ CO দীপক টৌমাৰ, ৬৮নং CRPF বেটেলিয়নৰ CO. কে এ. নিগান, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ আৰক্ষী অধীক্ষক জেমছ কে লিগ’, শদিয়াৰ মহকুমাধিপতি(অ) অনুপম ডেকাকে ধৰি কেইবাগৰাকী বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে৷ অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে শদিয়া আৰক্ষীৰ প্ৰভাৰী আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজাই৷ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক ঢোলে-দগৰে উষ্ম আদৰণি জনায় শদিয়াত৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...