নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষীৰ জোৱান

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষীৰ ১৬ জনীয়া এটা দল। বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলক আবদ্ধ কৰিলে নগা দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে। আক্ৰমণৰ বলি হোৱা আৰক্ষী জোৱান এতিয়া ICUত। ১২ ঘন্টাৰ অন্ততহে উদ্ধাৰ কৰা হ’ল দলটোক।

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসম আৰক্ষীৰ জোৱান ICUত
চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা দলক আবদ্ধ কৰিলে নগা দুৰ্বৃত্তই
অৱশেষত ঘূৰি আহিল দুৰ্বৃত্তই আবদ্ধ কৰা ১৬ জনীয়া দল

বিগত সময়ছোৱাত যোৰহাটৰ লগতে বিভিন্ন প্ৰান্তত চোৰে লৈ গৈছিল বাইক। সেই সন্দৰ্ভতে গোপন সূত্ৰৰ পম খেদি যুটীয়াভাবে অভিযান চলাইছিল টীয়ক আৰু চেলেংহাট আৰক্ষীয়ে। অভিযান চলাই তেওঁলোক উপস্থিত হৈছিলগৈ নাগালেণ্ডৰ ইয়াচাং চি বস্তিত। বাইক চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলটোক হঠাত আবদ্ধ কৰিলে দুৰ্বৃত্তৰ এটা দলে। আবদ্ধ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ।

আক্ৰমণত আহত বিদ্যুত দাস নামৰ জোৱান
আবদ্ধ কৰি থোৱা আৰক্ষীৰ দলটোক বিচাৰি এইবাৰ ৰাওনা হল ADSP লুনা সোণোৱাল। তেওঁৰ নেতৃত্বত যোৱা দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ ১৬জনীয়া দলটো উদ্ধাৰ কৰে।

সমগ্ৰ ঘটনাক লৈ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শেতাংগ মিশ্ৰ টীয়কত উপস্থিত। সেই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগেলগে নাগালেণ্ডৰ মুককচুং আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰি সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰা হৈছিল বুলি মন্তব্য আৰক্ষী অধীক্ষকজনৰ। আগন্তুক সময়ত যাতে পুনৰ এনে ঘটনাৰ উদ্ভৱ নহয় তাৰ বাবে নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব বুলি মন্তব্য আৰক্ষী অধীক্ষকৰ।

ইপিনে নগাৰ আক্ৰমণত গুৰুতৰভাবে আহত আৰক্ষী জোৱান বিদ্যুতৰ সংকটজনক অৱস্থা। মূৰত তেজ গোট মাৰিছে জোৱানজনৰ। চিন্তাত পৰিছে পিতৃ-মাতৃ। অস্ত্ৰোপচাৰ হ’ব বিদ্যুতৰ। অসমৰ পৰা চুৰি কৰি নিয়া বাইক গাড়ী বিক্ৰী হয় নাগালেণ্ডত। প্ৰায়ে পোহৰলৈ আহে তেনে ঘটনা। তেনে ঘটনাৰ বিৰুদ্ধে অভিযান চলায়েই আৰক্ষীৰ দলটো উপস্থিত হৈছিলগৈ নাগালেণ্ডত। তেতিয়াই এই আক্ৰমণ। এই ঘটনাই উদ্বিগ্ন-আতংকিত কৰি তুলিছে সীমান্তৰ জনতাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...