২ মহিলা সাংবাদিকক আটক অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা শিলচৰলৈ যোৱাৰ পথত HW News Networkৰ ২ গৰাকী সাংবাদিক, সমৃদ্ধি কে চাকুনিয়া আৰু স্বৰ্ণ ঝাক আটক কৰিছে। HW News Networkৰ দ্বাৰা এটা আনুষ্ঠানিক বিবৃতিত নিশ্চিত কৰা হৈছে এই খবৰ।

এইচ ডব্লিউ নিউজ নেটৱৰ্কে বিবৃতিটোত কয়, “অসম আৰক্ষীয়ে কৈছে যে আমাৰ সাংবাদিক সকলৰ বিৰুদ্ধে তেওঁলোকৰ কোনো গোচৰ নাই কিন্তু ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ কৈছে।”

দেওবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত বিবৃতিটো শ্বেয়াৰ কৰাৰ সময়ত সমৃদ্ধি কে চাকুনিয়াই কয় যে তেওঁলোকক অসমৰ কৰিমগঞ্জ জিলাৰ নীলামবজাৰ আৰক্ষী থানাত আটক কৰা হৈছে। তেওঁ কয় যে, নীলামবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মতে, ত্ৰিপুৰাৰ গোমতী জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত তেওঁলোকক আটক কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...