অট্টালিকা নিৰ্মাণতে যেন শেষ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন

ৰাজ্য চৰকাৰৰ চিকিৎসাখণ্ড। সময়ে সময়ে এইখণ্ডৰ উন্নয়নৰে সদম্ভ ঘোষণা কৰে চৰকাৰে। এই ঘোষণাবোৰৰ প্ৰকৃত ছবিয়ে সচকিত কৰি তুলিব। উন্নয়ন গংগা বৈ থকাৰ চিন মোকাম নোহোৱা কৰি আজাৰাত ঘটি গ’ল এক অসহনীয় ঘটনা। খাদ্যত বিষক্ৰিয়া হৈ এগৰাকী কণমানিৰ মৃত্যু। এই মৃত্যুয়ে উদঙালে বিয়াগোম বিভাগৰ বাহুল্য চমকৰ আন এখন ছবি। অট্টালিকা নিৰ্মাণতে যেন সমাপন স্বাস্থ্যখণ্ডৰ উন্নয়ন।

অট্টালিকা নিৰ্মাণতে যেন শেষ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন
অধিকাংশ চৰকাৰী চিকিৎ‍সালয়ত নাই সামান্য সুবিধাও
এটি কণমানিৰ মৃত্যুৱে উদঙালে স্বাস্থ্যখণ্ডৰ ফোপোলাস্বৰূপ

দক্ষিণকামৰূপৰ সানাপাৰাৰ বিষক্ৰিয়াই প্ৰমাণ কৰিলে ৰাজ্য চৰকাৰৰ খনৰ কথা আৰু কামৰ মাজত যে আছে বৃহৎ‍ তফাৎ‍। প্ৰসাদত বিষক্ৰিয়া হোৱাৰ ফলত সানপাৰাত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিস্থিতিৰ। আজিও বৃদ্ধি পাই আছে এই বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে আজাৰা চিকিৎসালয়ত ভৰ্তি হয় নতুনকৈ ৪গৰাকী আক্ৰান্ত। বিষক্ৰিয়াত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল গৈ ১৬০জন। বৰ্তমানো GMCHত চিকিৎসাধীন ৩৮ গৰাকী আক্ৰান্ত। এই শোকাৱহ ঘটনাতে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল এটি ৬ বছৰীয়া কন্যা শিশুৱে। যি ঘটনাই উদঙালে মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীয়ে দাবী কৰি অহা ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। সেইদিনা প্ৰসাদত বিষক্ৰিয়াৰ পিছত প্ৰথমঅৱস্থাত মিৰ্জা ৩০খন বিচনাযুক্ত এই গ্ৰাম্য চিকিৎসালয়লৈ আহিছিল অসুস্থলোকসকল। আহিছিল মৃত্যুক আকোঁৱালি লোৱা কণমানিটিও। কিন্তু চাওক এই চিকিৎসালয়খনৰ ভূত বাংলাসদৃশ দৃশ্ । পলাশবাৰী সমষ্টিৰ বৃহত্তৰ অঞ্চলৰৰ বাবে থকা এই চিকিৎসালয়ত নাই ডক্টৰ, পৰ্যাপ্ত সুবিধা, এম্বুলেঞ্চ। কোঠাই কোঠাই খালী হৈ পৰি আছে চকী,মেজসমূহ । নাই পঞ্জীয়ন কৰা মানুহ, নাই ফাৰ্মাচীত ঔষধ দিয়া মানুহ। ৰোগী আহিছে জুমি জুমি চাইছে আৰু গৈছে। আজিলৈ বিশেষ কোনো ব্যৱস্থাই নহ’ল চিকিৎসালয়খনত। ইয়াৰ পিছতে আক্ৰান্ত সকলে প্ৰাণৰ মমতাত ঢপলিয়াইছিল আজাৰাৰ এইখন ৩০খন বিচনাযুক্ত প্ৰাথমিক চিকিৎসালৈ। মহানগৰীতে থকা এইখন চিকিৎসালয়তো নাই পৰ্যাপ্ত সুবিধা। সেইবাবেই দুৰ্ভাগ্যজনক মৃত্যুক আকোঁৱালি লোৱা শিশুটিয়েও নাপালে উপযুক্ত চিকিৎ‍সা। অৱশেষত GMCHলৈ অনাহ’ল শিশুটিক, কিন্তু তেতিয়ালৈ বহুত পলম হৈছিল। চৰকাৰী চিকিৎ‍সালয়খনত পৰ্যাপ্ত সুবিধা নথকাৰ কথা অপকটে স্বীকাৰ খোদ আজাৰা চিকিৎসালয়ৰ উপ অধীক্ষকৰ।

এতিয়া প্ৰশ্ন হয় ৰাজ্য চৰকাৰে সাজিছে ইখনৰ পিছত সিখন মেডিকেল কলেজ। নিৰ্মাণ হৈছে বহু আদৰ্শ চিকিৎ‍সালয়ৰ অট্টালিকা। স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নামত প্ৰায় প্ৰতি দিনেই নতুন চিকিৎ‍সালয় নিৰ্মাণৰ বৃহৎ‍ প্ৰকল্পৰ হৈছে ঘোষণা। কিন্তু কেবল ঘৰবোৰ হ’লে জানো হ’ব উন্নয়ন। খোদ মহানগৰীৰে এখন চিকিৎসালয়ত যদি খাদ্যত বিষক্ৰিয়াৰ চিকিৎ‍সাও নহয় তেন্তে এই উন্নয় কাৰ বাবে। এনে উন্নয়নে সহায় কৰিছেইবা কাক?

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...