প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি ৰূপায়ণত দেশৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ অসমৰ

এক অনবদ্য সাফল্য হিচাপে অসমে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰৰ আত্মনিৰ্ভৰ নিধি (পি এম স্বনিধি) আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। কালি প্ৰকাশিত তথ্য অনুসৰি এই আঁচনিৰ অধীনত অসমৰ ঋণ বিতৰণৰ হাৰ হৈছে ৯০.৮৪ শতাংশ, যি দেশৰ ভিতৰতে সৰ্বাধিক। এই তালিকাত উত্তৰ প্ৰদেশে দ্বিতীয় আৰু মধ্য প্ৰদেশে তৃতীয় স্থান অধিকাৰ কৰিছে।

উল্লখেযোগ্য যে ক’ভিড-১৯ মহামাৰী আৰু লকডাউনৰ ফলত আৰ্থিকভাৱে ভাগি পৰা পদপথৰ বিক্ৰেতা, হকাৰ, আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জুন, ২০২০তাৰিখে এই দূৰদৰ্শী আঁচনিখন আৰম্ভ কৰিছিল, যাৰ লক্ষ্য হৈছে এই লোকসকলক জামিনবিহীন মূলধনী ঋণ প্ৰদান কৰা আৰু বেংক ব্যৱস্থাত জড়িতকৰণেৰে তেওঁলোকক অৰ্থনীতিৰ মূলসুঁতিত চামিল কৰা। এই আঁচনিৰ অধীনত তিনিটা কিস্তিত ক্ৰমে ১০ হাজাৰ, ২০ হাজাৰ আৰু ৫০ হাজাৰ টকা প্ৰদান কৰাই নহয়, ডিজিটেল লেনদেনৰ প্ৰসাৰৰ ক্ষেত্ৰতো এই ব্যৱসায়ীসকলক অনপ্ৰাণিত কৰা হয়।

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাজ্যখনৰ এই বিশেষ সাফল্যৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা পিএম স্ব-নিধি ৰূপায়ণৰ দায়িত্বত থকা অসমৰ দলটোক প্ৰশংসা আৰু অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে এয়া অসমৰ বাবে এক কীৰ্তিচিহ্নস্বৰূপ কৃতিত্ব আৰু ৰাজ্যৰ অসংগঠিত খণ্ডক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ অদম্য দায়বদ্ধতাৰ উদাহৰণ। পিএম স্বনিধি আঁচনিৰ সফলতাই পদপথৰ খুচুৰা বিক্ৰেতা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আৰ্থিক অন্তৰ্ভুক্তি আৰু অৰ্থনৈতিক সবলীকৰণ নিশ্চিত কৰাৰ দিশত চৰকাৰৰ নিৰন্তৰ প্ৰয়াসৰেই প্ৰমাণ দাঙি ধৰিছে বুলি তেওঁ কয়।

অসমৰ এই পৰিৱৰ্তনশীল যাত্ৰাক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে ৰাজ্যৰ অসংগঠিত খণ্ডৰ কল্যাণক অগ্ৰাধিকাৰ দিছে। এই কৃতিত্বই অধিক সমৃদ্ধিশালী আৰু স্বাৱলম্বী অসম গঢ়ি তোলাৰ বাবে আমাৰ সমৰ্পণক পুনৰ দৃঢ় কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ বিষয়া-কৰ্মচাৰীৰ অদম্য প্ৰচেষ্টাত অসমে এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰিছে। ইয়াৰ পূৰ্বেও অসমে নিৰ্ধাৰিত সময়ৰ ভিতৰতে প্ৰথম কিস্তিত ৫২ হাজাৰ ঋণ বিতৰণৰ প্ৰাৰম্ভিক লক্ষ্যত উপনীত হৈ পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান অৰ্জন কৰিছিল। অসমৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে ২০২৩ চনৰ ১ জুনত নতুন দিল্লীৰ বিজ্ঞান ভৱনত পিএম স্ব-নিধি আঁচনিৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপনৰ সময়ত মন্ত্ৰালয়ে পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শাখাত সৰ্বোত্তম প্ৰদৰ্শন কৰা ৰাজ্য হিচাপে অসমক পুৰস্কৃত কৰিছিল।

ৰাজ্যত আঁচনিখনৰ সফল ৰূপায়ণ অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আঁচনিখনৰ বাবে ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ কেবিনেট সিদ্ধান্ত, লক্ষ্য নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ কাষ চপাৰ উদ্দেশ্যে বিধায়ক, সাংসদৰ দৰে নিৰ্বাচিত জনপ্ৰতিনিধিসকলক জড়িত কৰা, বিভিন্ন বৈঠকৰ জৰিয়তে আঁচনিখনৰ গুৰুত্ব সন্দৰ্ভত নগৰীয়া স্থানীয় নিকায় আৰু বেংকৰ দৰে অংশীদাৰসকলক সংবেদনশীল কৰি তোলা ইত্যাদি। মুখ্যমন্ত্ৰী আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীকে ধৰি চৰকাৰৰ উচ্চতম পৰ্যায়ৰ নিয়মীয়া পৰ্যালোচনা বৈঠকেও আকাংক্ষিত ফলাফল লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ইয়াৰ উপৰি লক্ষ্য নিৰ্ধাৰিত গোটৰ মাজত সজাগতা সৃষ্টি আৰু সকলো যোগ্য হিতাধিকাৰীয়ে আঁচনিখনৰ পৰা লাভৱান হোৱাটো নিশ্চিত কৰিবলৈ তথ্য, শিক্ষা, আৰু যোগাযোগৰ বৃহৎ কাৰ্য্যকলাপ গ্ৰহণ কৰা হৈছে। এই কাৰ্য্যকলাপসমূহৰ ভিতৰত আছে বাতৰি কাকতৰ বিজ্ঞাপন, ডিজিটেল মিডিয়া কভাৰেজ, নগৰীয়া স্থানীয় নিকায়সমূহত প্ৰচাৰ পত্ৰিকা বিতৰণ, ৰেডিঅ’ জিংগল সম্প্ৰচাৰ, বজাৰ অঞ্চলত বাটৰ নাট প্ৰদৰ্শন, হৰ্ডিং অঁৰা আদিৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। ডিজিটেল লেনদেনৰ সুবিধা আৰু সময়মতে ঋণ পৰিশোধৰ বিষয়ে ৰাজপথৰ বিক্ৰেতাসকলক সজাগ কৰিবলৈ নগৰীয়া স্থানীয় নিকায়সমূহত বিত্তীয় সাক্ষৰতা শিবিৰৰো আয়োজন কৰি অহা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে...

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৭ জনকৈ লোক

জম্মু-কাশ্মীৰৰ গান্দাৰবাল জিলাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত চিকিৎসকসহ...

দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ১৯ আৰু...

ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন...