অসমৰ ১,৮১১গৰাকী গৰ্ভৱতী মহিলা আক্ৰান্ত এইডছত, ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ ভয়ংকৰ তথ্য

উদ্বেগজনক খবৰ। অসমত দ্ৰুতগতিত বৃদ্ধি হৈছে এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা ৩১ অক্টোবৰপৰ্যন্ত ৰাজ্যত ধৰা পৰিছে ২০,৮৪১জন এইডছ আক্ৰান্ত ৰোগী। ইয়াৰে ১৯,০৩০ জন সাধাৰণ লোক আক্ৰান্ত হৈছে এইডছত। আনহাতে এই সময়ছোৱাত ১,৮১১গৰাকী গৰ্ভৱতী মহিলা আক্ৰান্ত হৈছে এইডছত। কেৱল কামৰূপ জিলাতে আছে ৩৫৮ জন এইডছ আক্ৰান্ত ৰোগী। সম্প্ৰতি ৰাজ্যত চলি থকা ড্ৰাগছ বিৰোধী অভিযানৰ বাবেই ক্ৰমান্বয়ে পোহৰলৈ আহিছে এইডছ আক্ৰান্ত ৰোগী।

কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত এক কৰ্মশালাত এই ভয়ংকৰ তথ্য দাঙি ধৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ নৰেন্দ্ৰ সিং টিছুৱে। আনহাতে, জিলা এইডছ নিয়ন্ত্ৰণ বিষয়াৰ লগতে কামৰূপ জিলাৰ জিলা প্ৰগ্ৰেম বিষয়া মৃদুলা চহৰীয়াৰ লগতে বিভিন্ন স্বেচ্ছামূলক অনুষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে কৰ্মশালাখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...