ত্ৰিপুৰা চৰকাৰলৈ অসম চৰকাৰৰ ৫ কোটি টকাৰ আৰ্থিক অনুদান

আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ চে’ক প্ৰদান কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক বাসভৱনত সাক্ষাৎ কৰি অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে, “অসম চৰকাৰৰ এনে ধৰণৰ সংহতি, অন্তৰংগতা আৰু সমমর্মিতা শেহতীয়াকৈ বানত পীড়িত ত্ৰিপুৰাবাসীৰ প্ৰতি সদায় থাকিব। অসম চৰকাৰৰ এই অৰিহণাই নিসন্দেহে চলিত প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ত্ৰিপুৰা চৰকাৰক সহায় কৰিব।” তেওঁ আৰু কয় যে, “শেহতীয়াকৈ ত্ৰিপুৰাৰ ভয়াৱহ বিধ্বংসী ৰূপ ধাৰণ কৰা আৰু ৰাজ্যখনৰ জীৱন আৰু জীৱিকাত যথেষ্ট প্ৰভাৱ পেলোৱা বানপানীৰ কথা শুনি মৰ্মাহত হৈছোঁ।”

ইপিনে, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ পত্ৰযোগে ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজ্যখনলৈ প্ৰেৰণ কৰি ৫ কোটি টকাৰ আৰ্থিক অনুদানৰ চে’ক আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে ত্ৰিপুৰাৰ এই প্ৰত্যাহ্বানমূলক সময়ত অসমবাসীৰ আন্তৰিক সমবেদনা সদায়ে লগত থাকিব বুলি তেওঁ পত্ৰযোগে কয়।

Popular

More like this
Related

হোৱাইট হাউছত ট্ৰাম্প প্ৰশাসনৰ সৈতে বৈঠক Metaৰ CEO মাৰ্ক জাকাৰবাৰ্গৰ

ফেচবুকৰ মূল কোম্পানী METAৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক...

ৰোহিত শৰ্মাৰ পিছত এইবাৰ মাধুৰী দীক্ষিতৰ বিষয়ে বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ…

ৰোহিত শৰ্মাৰ বিষয়ে কংগ্ৰেছ নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে,...

সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ পথত আকৌ প্ৰতিবন্ধকতা

স্পেচএক্সে কেনেডী স্পেচ চেণ্টাৰত হাইড্ৰ’লিক চিষ্টেমত সমস্যা ধৰা পৰাৰ...

নিজাকৈ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ

ভাৰতে এতিয়া নিজৰ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ দিশত এক...