ত্ৰিপুৰা চৰকাৰলৈ অসম চৰকাৰৰ ৫ কোটি টকাৰ আৰ্থিক অনুদান

আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক ৰাজ্যখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ অৰ্থে ৫ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ চে’ক প্ৰদান কৰে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক শ্বাহক বাসভৱনত সাক্ষাৎ কৰি অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে, “অসম চৰকাৰৰ এনে ধৰণৰ সংহতি, অন্তৰংগতা আৰু সমমর্মিতা শেহতীয়াকৈ বানত পীড়িত ত্ৰিপুৰাবাসীৰ প্ৰতি সদায় থাকিব। অসম চৰকাৰৰ এই অৰিহণাই নিসন্দেহে চলিত প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ত্ৰিপুৰা চৰকাৰক সহায় কৰিব।” তেওঁ আৰু কয় যে, “শেহতীয়াকৈ ত্ৰিপুৰাৰ ভয়াৱহ বিধ্বংসী ৰূপ ধাৰণ কৰা আৰু ৰাজ্যখনৰ জীৱন আৰু জীৱিকাত যথেষ্ট প্ৰভাৱ পেলোৱা বানপানীৰ কথা শুনি মৰ্মাহত হৈছোঁ।”

ইপিনে, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ পত্ৰযোগে ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজ্যখনলৈ প্ৰেৰণ কৰি ৫ কোটি টকাৰ আৰ্থিক অনুদানৰ চে’ক আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে ত্ৰিপুৰাৰ এই প্ৰত্যাহ্বানমূলক সময়ত অসমবাসীৰ আন্তৰিক সমবেদনা সদায়ে লগত থাকিব বুলি তেওঁ পত্ৰযোগে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...