ক’ভিড ৰোগী বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল

ক’ভিড পৰিস্থিতি চম্ভালিবলৈ সাজু স্বাস্থ্য বিভাগ। ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি হ’লে মুকলি কৰা হ’ব সৰুসজাই ক’ভিড হাস্পতাল। আজি এই কথা প্ৰকাশ কৰে GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। ৰাজ্যত কৰ’নাৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, সৰুসজাই ক’ভিড হাস্পতাল সাজু হৈ আছে আৰু প্ৰয়োজন হ’লে ইয়াক পুনৰ ব্যৱহাৰ কৰা হ’ব। মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি তেওঁ লগতে জনায় ১০ হেজাৰ ৰোগীৰ ওপৰত এক পৰীক্ষা চলোৱা হৈছিল। ইয়াৰ পৰা নিশ্চিত কৰা মতে ভেকচিন নোলোৱা ৮৫ শতাংশ লোকৰে ক’ভিডত মৃত্যু হৈছে। বাকী সকলৰ মাজত ভেকচিন লোৱা লোকো আছে। ভেকচিন ল’লে মৃত্যুৰ হাৰ বহুখিনি হ্ৰাস পায় বুলি উল্লেখ কৰি ড০ শৰ্মাই অ’মিক্ৰনৰ পৰা শিশুসকলক ৰক্ষাৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি পিকনিক পাৰ্টী পৰিহাৰ কৰাৰ লগতে ক’ভিড প্ৰ’টকল মানি বিবাহ বা আন সমাৰোহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...