সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

জাতীয় জীৱনক সুদক্ষ নেতৃত্বৰে আগুৱাই নিয়াত সদৌ অসম কৰ্মচাৰী পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে : মুখ্যমন্ত্রী

অহা ২ অক্টোবৰত শুভাৰম্ভ হ’ব মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা : মুখ্যমন্ত্রী

প্রশাসন যন্ত্ৰটো দুর্নীতিমুক্ত কৰাত সহযোগিতা আগবঢ়াবলৈ কৰ্মচাৰী সমাজক মুখ্যমন্ত্ৰীৰ আহ্বান

অসমৰ কৰ্মচাৰীসকলে লাভ কৰা মৰ্যাদা, সা-সুবিধা ভাৰতৰ বহু ৰাজ্যতকৈ বেছি : মুখ্যমন্ত্ৰী

সমাজখনৰ বাবে মুখ্যমন্ত্ৰী এজনৰ দায়িত্ব যিমান, কৰ্মচাৰীসকলৰ দায়িত্বও সমানেই : মুখ্যমন্ত্রী

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনোত্তৰ ইতিহাসত অসমৰ জাতীয় জীৱনক সুদক্ষ নেতৃত্বৰে আগুৱাই নিয়াত যিকেইটা সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে তাৰ ভিতৰত অন্যতম সদৌ অসম কৰ্মচাৰী পৰিষদ। ৰাজ্যৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থৰ হকে সদৌ অসম কৰ্মচাৰী পৰিষদে বলিষ্ঠতাৰে মাত মাতি অহাৰ লগতে ৰাজ্যখনে সন্মুখীন হোৱা প্ৰতিটো জটিল মুহূৰ্তত অসমবাসীৰ কাষত থিয় দি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ কৰ্মচাৰীসকলক সংঘৱদ্ধ কৰি কৰ্মচাৰী সমাজৰ কল্যাণ আৰু অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰাৰ বাবে ১৯৮০ চনৰ ১১ আৰু ১২ জানুৱাৰীত তেজপুৰত অনুষ্ঠিত অধিৱেশনত সদৌ অসম কৰ্মচাৰী পৰিষদ গঠিত হৈছিল। তেওঁ কয় যে সেই সময়ত হোৱা অসম আন্দোলনত সদৌ অসম কৰ্মচাৰী পৰিষদ সক্রিয়ভাৱে জড়িত হৈ পৰিছিল। তেওঁ লগতে কয় যে অসম আন্দোলনৰ সময়ত ৬৮ গৰাকী কৰ্মচাৰী শ্বহীদ হৈছিল।

ৰাজ্যৰ কৰ্মচাৰীসকলে আন্দোলন বিবর্জিত এক পৰিৱেশত সমস্যাসমূহ সমাধান কৰাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক বিকাশ আৰু ৰাজনৈতিক উত্তৰণৰ লগতো নিবিড়ভাৱে জড়িত কৰিব পাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০০২ চনত অসমৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগ আৰু ২০০৩ চনত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ৰে পৰা তেওঁ নিজে কৰ্মচাৰীসকলৰ সমস্যাসমূহ মীমাংসা কৰাৰ পথ প্রশস্ত কৰিছিল। তেওঁ কয় যে ১৯৯৫ চনৰ পৰা ২০০১ চনলৈ ৰাজ্যৰ অর্থনৈতিক পৰিৱেশ অতি শোচনীয় আছিল। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিবলগীয়া হৈছিল যাতে কৰ্মচাৰীসকলে মাহেকীয়া দৰমহা লাভ কৰিব পাৰে। এই সময়ছোৱাত কৰ্মচাৰীসকলে ভোগ কৰিবলগীয়া হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৰ্মচাৰীসকল সেই সময়ত ভাৰাক্ৰান্ত হৈ পৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ২০০৩ চনৰপৰা কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়াস চলোৱা হৈছিল। তেওঁ কয় যে এই সময়ত সকলো পৰিকল্পনাযুক্ত কৰ্মচাৰীক পৰিকল্পনা বর্হিভূত চাকৰিলৈ অনা হৈছিল যাতে কৰ্মচাৰীসকলে দৰমহা লাভ কৰিব পাৰে। সেই সময়ত ২ লাখ কৰ্মচাৰী পৰিকল্পনাযুক্তৰ পৰা পৰিকল্পনা বর্হিভূত কৰ্মচাৰী হৈ পৰিছিল। তেওঁ লগতে কয় যে সেই সময়ৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে মাহৰ দৰমহা মাহত লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত ৬টা মৰগীয়া বানচ একেলগে দিয়া হৈছিল বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে সেই সময়তে ৩১ হাজাৰো অধিক মাষ্টাৰবোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। সহস্ৰাধিক অনিয়মীয়া কৰ্মচাৰীক নিয়মীয়াকৰণ কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত দৰমহা দিয়াৰ দিশতো সিদ্ধান্ত লোৱা হৈছিল। মুখ্যমন্ত্রীয়ে কয় যে পশ্চিম বংগ চৰকাৰেও অর্থনৈতিক সংকট দোহাই দি কৰ্মচাৰীসকলক মৰগীয়া বানচ প্ৰদান কৰা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত মৰণীয়া বানচ নাপায় যদিও কেন্দ্রীয় চৰকাৰে মৰগীয়া বানচ ঘোষণা কৰাৰ পিছত অসম চৰকাৰে মৰগীয়া বানচ ঘোষণা কৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম এই ক্ষেত্ৰত দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে।

ৰাজ্যৰ কৰ্মচাৰীসকলে কৰ্ম সংস্কৃতিৰ এটা শুদ্ধ পৰিৱেশ লাভ কৰিব পাৰে তাৰ বাবে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰে এটা নিৰ্দিষ্ট দিশত কাম কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোনো এজন কৰ্মচাৰীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে সম্পূর্ণ দৰমহা পোৱাৰ দৃষ্টান্ত ভাৰতবৰ্ষৰ অন্য ৰাজ্যত লাভ কৰাৰ নিদৰ্শন নাই। এই বিষয়টো সমগ্র দেশৰে অসামৰিক বিষয়াসকলক স্তম্ভিত কৰি তুলিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ কৰ্মচাৰীসকলৰ চাকৰি জীৱনত এটা ঘৰ হ’ব পাৰে তাৰ বাবে আপোন ঘৰ আঁচনি আৰম্ভ কৰা হৈছে। ৰাজ্যৰ কৰ্মচাৰীসকলে যাতে বাহন ক্ৰয় কৰিব পাৰে তাৰ বাবে পুৰুষ কৰ্মচাৰীসকলৰ বাবে ২ শতাংশ, মহিলা কৰ্মচাৰীৰ বাবে ৩ শতাংশ আৰু দিব্যাংগ কৰ্মচাৰীৰ বাবে ৩ শতাংশ সুদ ৰেহাই দিয়াৰ বাবেও আঁচনি গ্ৰহণ কৰা হৈছে। কৰ্মচাৰীৰ বাবে এটা দিন পালন কৰাৰ নজিৰ দেশৰ অন্য প্ৰান্তত পাবলৈ নাই বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ৯৯ গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীলৈ ২০২২ বৰ্ষত আৰু ৭৫ গৰাকীলৈ ২০২৩ বৰ্ষত লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে পিতৃ-মাতৃ বন্দনাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

চৰকাৰী কৰ্মচাৰীৰ আত্মমর্যাদাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি চৰকাৰী কৰ্মচাৰীৰে দৃঢ়তাৰে ক’ব পাৰে যে তেওঁলোকে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিছে। অসমৰ সম্প্ৰতি ডেৰ লাখ কৰ্মচাৰী আছে যিসকলে কাৰো ওচৰলৈ নোযোৱাকৈ চৰকাৰী চাকৰি লাভ কৰিছে। তেওঁ কয় যে অসমৰ কৰ্মচাৰীসকলে লাভ কৰা মৰ্যাদা, সা-সুবিধা ভাৰতৰ বহু ৰাজ্যতকৈ বেছি। তেওঁ কয় যে কৰ্মচাৰীসকলৰ মাজত সমন্বয় নথকা বাবে বহু সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অথবা অইন কামৰ বাবে যোৱা কৰ্মচাৰীয়ে সমস্যাত ভুগিবলগীয়া হৈছে। এনে পৰিৱেশ অসমত সলনি কৰিব লাগিব। তেওঁ লগতে কয় যে ৰাজ্যখনক কেনেকৈ আগুৱাই নিব পৰা যায় সেই চিন্তা কৰ্মচাৰীসকলৰ মাজত থাকিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ল’ৰা-ছোৱালীৰ জ্ঞান-বুদ্ধি সকলোখিনি আছে, কিন্তু ইয়াক আগুৱাই নিয়াৰ বাবে এক পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। যোৱা দুবছৰত অসম সচিবালয়ত দৰ্শনাৰ্থীৰ সংখ্যা ৬০ শতাংশ হ্রাস পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ডিজিটাইজেশ্যনৰো সুফল জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে সমাজখনৰ বাবে মুখ্যমন্ত্ৰী এজনৰ দায়িত্ব যিমান, কৰ্মচাৰীসকলৰ দায়িত্বও সমানেই। প্ৰতিটো কাম নিয়াৰিকৈ কৰিব পাৰিলে ৰাজ্যখন আগুৱাই যাব। এনেদৰে আগুৱাই গ’লে ভৱিষ্যৎ প্ৰজন্মই এখন ভাল অসম লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে ৯০ শতাংশ কৰ্মচাৰীয়ে কোনো ধৰণৰ দুৰ্নীতিৰ আশ্ৰয় নোলোৱাকৈয়ে নিজৰ কৰ্তব্য পালন কৰি আহিছে। কৰ্মচাৰীসকলৰ সামৰ্থতা আৰু সাহস আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেৱল উৎকৰ্ষিত মনোভাৱেৰে কাম কৰি ৰাজ্যখনক আগুৱাই নিয়াৰ দিশত নিজকে নিয়োজিত কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ কৰ্মচাৰীসকলে চিকিৎসা সংক্রান্তীয় ব্যয়ৰ ধন যাতে সহজে উভতাই পায় তাৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়াব লাগিব বুলিও তেওঁ কয় । ৰাজ্যিক কৰ্মচাৰীসকলে ইয়াৰ বাবদ দিবলগীয়া ধনৰাশিৰ ৫০ শতাংশ ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অহা ২ অক্টোবৰত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা শুভাৰম্ভ কৰিব। শিক্ষকৰ আৰ্জিত ছুটী এক মাহৰ ভিতৰত আলোচনা কৰি সমাধান কৰা হ’ব বুলিও তেওঁ কয়।

আজিৰ এই অনুষ্ঠানত সাংসদ পল্লৱলোচন দাস, স্বাস্থ্য গৱেষণা আৰু শিক্ষা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা, অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ অভ্যর্থনা সমিতিৰ সভাপতি বাসব চন্দ্র কলিতা, সম্পাদক প্রধান দিলীপ কলিতা প্ৰমুখ্যে পৰিষদৰ বিষয়ববীয়া তথা সদস্য-সদস্যাসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...