পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম

পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম। ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ বিশ্বৰ ৫২টা পৰ্যটনস্থলীৰ চতুৰ্থ স্থানত অসম। চৰাইদেউ মৈদাম, কাজিৰঙা, চাহ বাগিচাক অন্যতম পৰ্যটনস্থলীৰ স্বীকৃতি। বিশ্বৰ বুকুত এই খবৰ বিয়পাৰ লগে লগেই সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা। সংবাদ গোষ্ঠীটোৱে পৃথিৱীৰ পৰ্যটন ক্ষেত্ৰকসমূহক লৈ নিজাববীয়াকৈ চলোৱা এক সমীক্ষাত চিহ্নিত কৰিছে মুঠ ৫২ টা পৰ্যটন ক্ষেত্ৰ। ইয়াৰ ভিতৰত –
প্ৰথম স্থানত ইংলেণ্ডৰ জেন অষ্টেনছ
দ্বিতীয় স্থানত ইকুৱেডৰ গ’লাপাগ্ছ আইলেণ্ড
তৃতীয় স্থানত নিউয়ৰ্ক চিটি মিউজিয়াম
আৰু চতুৰ্থ স্থানত জিলিকি উঠিল সুজলা সুফলা অসম

২০২৫ বৰ্ষত ভ্ৰমণ কৰিবলগীয়া বিশ্বৰ ৫২টা আকৰ্ষণীয় আৰু উল্লেখনীয় পৰ্যটনক্ষেত্ৰ হিচাপে নিউয়ৰ্ক টাইমছে প্ৰস্তুত কৰিছিল এখন বিশেষ তালিকা। আৰু এই তালিকাতেই সেউজীয়া অসমে লাভ কৰিলে অন্যতম পৰ্যটনস্থলীৰ স্বীকৃতি। বিশেষকৈ, চৰাইদেউ মৈদাম, কাজিৰঙা, চাহ বাগিচাক অন্যতম পৰ্যটনস্থলীৰ স্বীকৃতি। ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ বিশেষ নিবন্ধটোত উল্লেখ আছে এশিঙিয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা। উল্লেখ আছে অসমৰ সেউজীয়া চাহ বাগিছাৰ কথা। উল্লেখ আছে ইতিমধ্যেই ইউনেস্ক’ই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়া চৰাইদেউ মৈদামৰ কথা। এই খবৰক লৈ এতিয়া গৌৰৱান্বিত সমগ্ৰ অসম। বিশ্বৰ বুকুত এই খবৰ বিয়পি পৰাৰ লগে লগেই, সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা।

মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে সামাজিক মাধ্যমযোগে জনালে শুভেচ্ছা। মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে অসমৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসে।

কাজিৰঙাৰ নাম বিশ্বৰ বুকুত পুনৰবাৰ এইদৰে জিলিকি উঠাত উৎফুল্লিত কাজিৰঙাবাসী। মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কাজিৰঙাবাসীৰ। বিশ্বজুৰি ঐতিহ্য ক্ষেত্ৰ চৰাইদেউৰ নাম জিলিকি উঠাত গৌৰৱান্বিত চৰাইদেউবাসী। চৰাইদেউৰ স্থানীয় ৰাইজৰ লগতে উতফুল্লিত শিৱসাগৰ জিলাৰ বিভিন্ন দল সংগঠন। বিশ্বৰ বুকুত পুনৰবাৰ অসমভূমিৰ নাম উজলি উঠাত গৌৰৱান্বিত অসমবাসী। এই নাম অক্ষুন্ন ৰখাৰ দায়িত্ব এতিয়া প্ৰতিজন অসমীয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...