পাঁচ সমষ্টিত কোনে মাৰিব শেষ হাঁহি?

আজি ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল। EVMত বন্দী জনতাৰ ৰায় আহিব সন্মুখলৈ। ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী EVMত। পাঁচ সমষ্টিত কোনে মাৰিব শেষ হাঁহি? বিজেপি, কংগ্ৰেছ নে ৰাইজৰ দল? ১০৭ নং থাওৰা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ ৫গৰাকীকৈ প্ৰাৰ্থী। থাওৰাত কাৰ কাৰ মাজত হ’ব মূল যুঁজ? ২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা জয়ী হৈছিল সুশান্ত বৰগোঁহাই। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ পিছত সেই ধাৰা অব্যাহত ৰাখিব পাৰিবনে সুশান্ত বৰগোঁহাইয়ে? থাওৰা সমষ্টিত ত্ৰিকোণীয়া যুঁজৰ সম্ভাৱনা। কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ। নিৰ্দলীয় তথা ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ মাজত হ’ব পাৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ৰাইজৰ দলে থাওৰাত চলাইছিল ব্যাপক প্ৰচাৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বাবে থাওৰা, মৰিয়নী সমষ্টি এক প্ৰকাৰ সন্মানৰ যুঁজ। থাওৰাত কংগ্ৰেছে অক্ষুন্ন ৰাখিব পৰিবনে কংগ্ৰেছৰ দুৰ্গ। ১০১ নং মৰিয়নী সমষ্টিত কি হ’ব নিৰ্বাচনী ফলাফল। দাবী কৰা অনুসৰি ৰূপজ্যোতি কুৰ্মীয়ে শেষ হাঁহি মাৰিব পাৰিবনে মৰিয়নী সমষ্টিত। কংগ্ৰেছৰ পৰা জয় লাভ কৰি বিধায়ক হোৱাৰ পিছত যোগদান কৰিছিল বিজেপিত। বিজেপিৰ পৰা পুনৰ বিধায়ক হ’ব পাৰিবনে ৰূপজ্যোতি কুৰ্মী। মৰিয়নীত কংগ্ৰেছ, বিজেপি, ৰাইজৰ দলৰ মাজত হ’ব পাৰে প্ৰতিদ্বন্দ্বিতা। কংগ্ৰেছৰ প্ৰাৰ্থী লোহিত কোঁৱৰ, ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ মাজত হ’ব মূল যুঁজ। কি হ’ব ৫৮নং তামুলপুৰ সমষ্টিত কি হ’ব নিৰ্বাচনী প্ৰেক্ষাপট? বিজেপি সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বিপৰীতে কংগ্ৰেছৰ ভাস্কৰ দাহাল, নিৰ্দলীয় গণেশ কছাৰী। প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে UPPL, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীৰ মাজত। ৪১ নং ভৱানীপুৰ সমষ্টি AIUDFৰ বাবে একপ্ৰকাৰ সন্মানৰ যুঁজ। বিধায়ক হোৱাৰ পিছত AIUDF ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ফণী তালুকদাৰে। AIUDFএ পুনৰ ভৱানীপুৰ সমষ্টি দখলত ৰাখিব পাৰিবনে? AIUDFৰ প্ৰাৰ্থী জুবেৰ আল, কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস আৰু বিজেপিৰ ফণী তালুকদাৰৰ মাজত মূল যুঁজ। ২৮নং গোসাঁইগাঁও সমষ্টিত কি হ’ব ফলাফল। UPPLৰ বাবে সন্মানৰ যুঁজ গোসাঁইগাঁও। UPPLৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী, কংগ্ৰেছৰ জুৱেল টুডুৰ মাজত মূল যুঁজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...