এজাক বৰষুণ আৰু সেই একেই ছবি

এজাক বৰষুণ আৰু সেই একেই ছবি। সময় বাগৰি যায়। বছৰে বাগৰ সলায়। পাৰ হৈ যায় দশকৰ পিছত দশক। সলনি নহয় মহানগৰবাসীৰ দুৰ্দশাৰ ছবিখন। একেই দুৰ্দশা। তাহানিও আৰু আজিও।

নিৰ্বাচনৰ সময়ত এশ এবুৰি প্ৰতিশ্ৰুতি। বানমুক্ত হ’ব গুৱাহাটী! ভুল হয় জনতাৰ। প্ৰতিশ্ৰুতিত ভোল যায় মহানগৰবাসী। চৰকাৰ আহে ঠিকেই। কিন্তু সঁচা নহয় কথাবোৰ… প্ৰতিশ্ৰুতিবোৰ দিঠক নহয় কাহানিও।

কোনো এখন চৰকাৰেও ৰোধ কৰিব নোৱাৰে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা। কেতিয়াবা আকৌ তাৰ মাজতেই আহে বুকু কঁপাই যোৱা খবৰবোৰ। টি.ভি, বাতৰি কাকতৰ শিৰোনাম হয়… গুৱাহাটীৰ কৃত্ৰিম বানত পুনৰ মৃত্যু এজনৰ! বহু সেন্দুৰীয়া কঁপাল উকা হৈ ৰয়। পিতৃ নাইবা মাতৃহাৰা হয় বহুজন। কেতিয়াবা আকৌ পিতৃৰ সন্মুখতে উটি যায় কণমানি সন্তান। হেৰাই যায় কোনো কণমানি অবিনাশ। কান্দি কান্দি চকুলো টুকি বাকৰুদ্ধ হয় জীৱনবোৰ। ৰজাঘৰীয়াৰ অকণমান গা লৰে। খবৰ লয়। দেখুৱাই তৎপৰতা। ঘোষণা হয় এককালীন সাহাৰ্য। প্ৰতিশ্ৰুতি দিয়ে, এইবাৰ অনিষ্ট নহয় কোনো মানুহৰ! তাৰ পাছতো মহানগৰীলৈ বান আহে। ঘূৰি আহে সেই একেই পৰিৱেশ। দুৰ্ভোগ ভোগে জনতাই।  মাজনিশালৈকে যান-জঁটত আবদ্ধ হৈ ৰয় বহুজন। এম্বুলেঞ্চৰ ভিতৰতে মৃত্যুৰ ক্ষণ গণে ৰোগীয়ে। তাৰ মাজতো বুকুত অসহনীয় বিষ এটা লৈ আশাত বন্দী হৈ ৰয় মহানগৰীৰ জনতা। কথাবোৰ এদিন সলনি হ’ব! গুৱাহাটী এদিন কৃত্ৰিম বানমুক্ত হ’ব!

কিন্তু সঁচাকৈয়ে কথাবোৰ সলনি হ’বনে? কৃত্ৰিম বানমুক্ত হ’বনে মহানগৰী? সেই উত্তৰ সময়ে এদিন নিশ্চয় দিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...