ওমিক্ৰনে লৈছে ভয়াৱহ ৰূপ, ব্ৰিটেইনত ১৪ সহস্ৰাধিক আক্ৰান্ত

ইউৰোপত অব্যাহত আছে ওমিক্ৰনৰ ভয়ংকৰ ৰূপ। একেদিনাই ওমিক্ৰনত ৩,২০১গৰাকী ৰোগী আক্ৰান্ত হৈছে ব্ৰিটেইনত। অভিলেখসংখ্যক একেদিনাই ৩ সহস্ৰাধিক লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। এইপৰ্যন্ত দেশখনত প্ৰায় ১৫ হাজাৰ লোক আক্ৰান্ত হৈছে ওমিক্ৰনত। ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই প্ৰকাশ কৰা অনুসৰি দৈনিক নতুন নতুন ঘটনা পোহৰলৈ আহিছে। শুকুৰবাৰে অভিলেখসংখ্যক ৯৩,০৪৫গৰাকী লোকে কভিড টেষ্ট কৰাইছে। ই একেৰাহে তৃতীয় দিনৰ বাবে সৰ্বাধিক সংখ্যক লোকে কভিড টেষ্ট কৰিছে। আনহাতে, দেশখনত কভিডত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যাও ১.১৯ কোটিলৈ বৃদ্ধি পাইছে। আনহাতে, ফ্ৰান্সতো ভয়াৱহ ৰূপ লৈছে কভিডে। দেশখনত ৬৫ হাজাৰৰো অধিক লোকৰ দেহত পোৱা গৈছে কভিড। আনহাতে, ডেনমাৰ্কত পোৱা গৈছে ওমিক্ৰনৰ নতুন প্ৰকাৰ। নৰৱেতো ওমিক্ৰনৰ নতুন প্ৰজাতি পোহৰলৈ অহাৰ পিছতে বৃদ্ধি পাইছে সংক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...