কাপুৰ পৰিয়ালত ক’ভিডৰ জাল, দুবাৰকৈ ক’ভিডত আক্ৰান্ত অৰ্জুন কাপুৰ, অংশুলা, ৰিয়া আৰু কৰণ বুলানিও ক’ভিড পজিটিভ

এবছৰৰ পিছত পুনৰ ক’ভিডত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰ। অৰ্জুন কাপুৰৰ লগতে সোনম কাপুৰৰ ভগ্নী ৰিয়া কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা কৰণ বুলানিও আক্ৰান্ত ক’ভিডত। অৰ্জুনৰ ভগ্নী অংশুলাৰ শৰীৰতো পোৱা গৈছে কভিড পজিটিভ।
অৰ্জুনক অলপতে কথিত প্ৰেয়সী মালাইকাৰ সৈতে কৰিশ্মা কাপুৰৰ খ্ৰীষ্টমাছ পাৰ্টীত দেখা গৈছিল।
ইফালে কভিডত আক্ৰান্ত অংশুলা কাপুৰৰ আজি ৩১সংখ্যক জন্মদিন। নিশা সকলোৱে জন্মদিন উদযাপন কৰিবলৈ একত্ৰিত হৈছিল। অৰ্জুনে অংশুলাক জন্মদিনৰ শুভেচ্ছা জনাই এটা নৃত্যৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছিল ছচিয়েল মিডিয়াত। পোষ্টটোত অৰ্জুনে লিখিছিল- সদায়ে এগৰাকী উদাৰ ব্যক্তি হোৱা, প্ৰতিদিনে সৰ্বশ্ৰেষ্ঠ হোৱা। সদায় সুখী হোৱাৰ লগতে হাঁহি-মাতি থকাৰ লগতে মাকৰ কথা মনত ৰাখিবলৈ আহ্বান জনাইছিল। লগতে লিখিছিল- মই সদায় তোমাৰ সৈতে আছোঁ। শুভ জন্মদিন অংশুলা, আশা কৰোঁ এই বছৰ বিচৰা সকলোখিনি পূৰণ হ’ব! শেষত বহুত মৰম বুলি উল্লেখ কৰিছিল অৰ্জুন কাপুৰে।
মুম্বাইত অ’মিক্ৰন আৰু ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে শ্বুটিঙতো প্ৰভাৱ পৰিছে। ইতিমধ্যে মহাৰাষ্ট্ৰ ৰকাৰে নিশাৰ কাৰ্ফিউ ঘোষণা কৰিছে। এনে পৰিপ্ৰেক্ষিতত জনপ্ৰিয় কপিল শৰ্মা শ্ব’ৰ অনুষ্ঠানৰ বাবেও এসপ্তাহ থমকি ৰব লগা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...