বিদ্যুৎ বিল পৰিশোধ নকৰিলে দৰমহা নাপাব চৰকাৰী কৰ্মচাৰীয়ে

গুৱাহাটী, ১৯ জুন, NKTV: বিদ্যুৎ বিল পৰিশোধ নকৰিলে দৰমহা নাপাব চৰকাৰী কৰ্মচাৰীয়ে। কৰ্মচাৰী সকলে দাখিল কৰিব লাগিব বিদ্যুৎ বিল পৰিশোধৰ প্ৰমাণপত্ৰ। এক নিৰ্দেশনাযোগে এই কথা সদৰী কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLয়ে। ৩০ জুনৰ ভিতৰত অনাদায়ী বিল সমূহ পৰিশোধ কৰিব লাগিব কৰ্মচাৰী সকলে।

সোমবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শক্তি বিভাগে ৰাজ্যখনত যিমান গ্রাহকক বিদ্যুৎ যোগান ধৰে, তাৰ বিপৰীতে প্রতিমাহে ৩০০ কোটি টকা ৰাজহ কমকৈ লাভ কৰি আহিছে। বিদ্যুৎ চুৰি, প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবেই প্রতিমাহে বিভাগটোৱে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে। ড০ শর্মাই কয় যে বিদ্যুৎ বিলৰ মাচুল শক্তি বিভাগৰ তিনিওটা কোম্পানীয়ে কৰা আয় আৰু ব্যয়ৰ ওপৰত নির্ধাৰিত হয়। যদি কোনো গ্রাহকে প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়ে, বিদ্যুৎ পৰিষদে সেই বোজা সর্বসাধাৰণ ৰাইজলৈ ঠেলি দিয়ে।

উল্লেখযোগ্য যে, বিদ্যুৎ চুৰি আৰু মাচুল অনাদায়ৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শক্তি বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), অসম শক্তি উৎপাদন নিগম লিমিটেড (APGCL) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (AEGCL)।

তেনে অৱস্থাত বিদ্যুৎ পৰিষদে অসম বিদ্যুৎ নিয়ামক আয়োগক তেওঁলোকৰ লোকচানৰ বিষয়ে অৱগত কৰি লোকচানৰ জোৰা মৰাৰ ব্যৱস্থা কৰিবলৈ আবেদন জনায়৷ ফলত নিয়মিত ৰূপত বিদ্যুৎ বিল আদায় দি অহা সৎ গ্রাহকসকলে চুৰি কৰা আৰু বিল আদায় নিদিয়া গ্রাহকসকলৰো বিদ্যুতৰ বিল আদায় দিবলগীয়াত পৰে। অর্থাৎ বিদ্যুৎ চুৰি আৰু প্রকৃত বিদ্যুতৰ বিল আদায় নিদিয়াসকলৰ বাবেই বিদ্যুৎ মাচুলৰ নিৰিখ বৃদ্ধি পায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...