বিদ্যুৎ চুৰি! ফাদিল হ’ল একাংশ মহানাগৰিকৰ ফোপোলা আভিজাত্য

গুৱাহাটী, ১৯ জুন, NKTV: শুকুৰবাৰে APDCLৰ জালুকবাৰী উপসংমণ্ডলে জালুকবাৰী আৰক্ষী থানাৰ আৰক্ষীৰ সহায়ত বৰিপাৰাৰ আছাম ষ্টেট হাউছিং বৰ্ডৰ কমিছনাৰৰ নামত থকা হাউছিং কমপ্লেক্সত অভিযান চলাই কেইবাটাও বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ আনে:

১. ব্লক A-B আৰু C-D ত বহুওৱা তিনিটা পানীৰ পাম্প মেইন এল টি লাইনৰ পৰা অকৰ্তৃত্বশীলভাবে লাইন এক্সটেনছন কৰি চলোৱা হৈছে।
২. ব্লক-Fৰ F/1 ফ্লেটলৈ‌ বিদ্যুৎ লাইন নিওতে মিটাৰ নম্বৰ AS1060454 বাই পাছ কৰি বিদ্যুৎ চুৰি কৰা হৈছে।
৩. ফ্লেট নম্বৰ F/10‌ ত মিটাৰ নম্বৰ Y0511609 বাই পাছ কৰি বিদ্যুৎ চুৰি কৰা হৈছে।
৪. ফ্লেট নম্বৰ F/12 ত মিটাৰ নম্বৰ AS1053619 বাই পাছ কৰি বিদ্যুৎ চুৰি কৰা হৈছে।
৫.চৌহদটোৰ ব্লক E আৰু F ৰ বাবে থকা পানী পাম্পত মিটাৰ নম্বৰ X0997826 বাই পাছ কৰি বিদ্যুৎ চুৰি কৰা হৈছে।

এই আটাইবোৰ ইনষ্টলেছনৰ ক্ষেত্ৰতে সামগ্ৰীসমূহ জব্দ কৰা হৈছে আৰু জালুকবাৰী থানাত এজাহাৰ দাখিল‌ কৰা হৈছে। উল্লেখযোগ্য যে এই ফ্লেটৰ সকলো ব্যক্তিগত প্ৰিপেইড সৎযোগ ASHBৰ কমিছনাৰৰ ঠিকনাতে আছে।

অভিযান‌ চলি থকা সময়ত আবাসীসকলে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি APDCL-ৰ দলটোক ঘেৰাও কৰি ৰাখিবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ সময়োচিত হস্তক্ষেপত তেওঁলোক ৰক্ষা পৰে। গুৱাহাটীৰ শিক্ষিত লোকসকলৰ এনে বিদ্যুৎ চুৰি তথা আচৰণে প্ৰকৃততে তেওঁলোকৰ ফোপোলা আভিজাত্যৰ মুখা খোল খুৱাই দিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে শক্তিমন্ত্ৰী বিমল বৰাই বিদ্যুৎ চুৰিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ‌ পাছৰ পৰা এ পি ডি চি এল-ৰ‌ অভিযন্তাসকলে এনে অভিযান নিৰৱচ্ছিন্নভাবে চলাই গৈছে আৰু যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...