অপৰিকল্পিত আৰু বহনক্ষম নোহোৱা যিকোনো ধৰণৰ বিকাশ বিনাশৰেই নামান্তৰ : সিংহল

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখনি পৰ্যালোচনা সভাত কৃষি, খাদ্য আৰু অসামৰিক যোগান, জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ (পথ), লোক নিৰ্মাণ (গৃহ) আদি প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ বৈঠকত তেওঁ জিলাখনত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোঁজনা [নগৰীয়া], প্ৰধান মন্ত্ৰী আৱাস যোজনা [গ্ৰামীণ], জল-জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, পি এম কিষাণ, ধান ক্ৰয় আদি আঁচনিৰ অগ্ৰগতিৰো বিশদভাৱে বুজ লয়৷ চৰকাৰী আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি নিৰীক্ষণৰ ক্ষেত্ৰত উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ৰ তদাৰক সমিতিসমূহৰ সক্ৰিয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। আনহাতে, তেওঁ খণ্ড উন্নয়ন বিষয়াসকলক প্ৰতিটো পঞ্চায়ততে জলাশয় সংৰক্ষণৰ কাম-কাজ হাতত ল’বলৈ তেওঁ নিৰ্দেশ দিয়ে৷ অপৰিকল্পিত আৰু বহনক্ষম নোহোৱা যিকোনোধৰণৰ বিকাশ বিনাশৰেই নামান্তৰ বুলি মন্তব্য কৰি তেওঁ উৰ্পদ বিলকে ধৰি জলাশয়সমূহৰ চৰকাৰী ভূমিত কোনোধৰণৰ অপৰিকল্পিত নিৰ্মাণৰ কামত অনুমতি প্ৰদান নকৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে। জিলাখনৰ জলাশয়সমূহৰ উপযুক্ত জৰীপ কৰি আৰ্দ্ৰভূমি সংৰক্ষণ আইনৰ অধীনত সংৰক্ষিত এলেকা হিচাপে অধিসূচিত কৰিবলৈ উপায়ুক্তক তেওঁ নিৰ্দেশ দিয়ে। চহৰাঞ্চলত এনে সংৰক্ষিত এলেকাৰ পৰা ১৫ মিটাৰ আৰু গ্ৰামাঞ্চলত ৫০ মিটাৰ দূৰত্ব পৰ্যন্ত কোনোধৰণৰ নিৰ্মাণ কাৰ্যত অনুমতি নিদিবলৈও তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে। আনহাতে, এম জি এনৰেগাৰ অধীনত স্থানীয় ৰাইজক জড়িতকৰণেৰে উৰ্পদ বিল পৰিষ্কৰণৰ কাম হাতত ল’বলৈ তেওঁ সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াগৰাকীক নিৰ্দেশ দিয়ে। জিলাখনত চলি থকা জলজীৱন মিশ্যন আৰু স্বচ্ছ ভাৰত অভিযানৰ কাম-কাজৰো বুজ লৈ বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আদি ৰাজহুৱা অনুষ্ঠানত অগ্ৰাধিকাৰ ভিত্তিত খোৱাপানীৰ সংযোগ আৰু শৌচালয়ৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। আনহাতে গোৱালপাৰা জিলাত ৰাসায়নিক সাৰৰ অবৈধ বেহাত জড়িতসকলৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ উপায়ুক্তক নিৰ্দেশ দিয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...