বন্ধ হ’ল হেঁপাহৰ আনন্দৰাম বৰুৱা বঁটা

অসমত বন্ধ হৈ পৰিল ছাত্ৰ-ছাত্ৰী সকলৰ মৰমৰ উপহাৰ অসম চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটা৷ আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সদৰি কৰে এই কথা৷ ১৭ বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক প্ৰদান কৰি আহিছিল আনন্দৰাম বৰুৱা বঁটা৷

কিন্তু এতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ নকৰিব আনন্দৰাম বঁটা।

উল্লেখ্য যে, ১৭ বছৰ ধৰি প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা বঁটাৰ অধীনত অসম চৰকাৰে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক লেপটপ আৰু লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছিল।

২০০৫ চনত এই বঁটা ঘোষণা কৰা হৈছিল আৰু সেই বৰ্ষতে প্ৰথমবাৰৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ১২,৭৫৬গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত বঁটা প্ৰদান কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...