বন্ধ হ’ল হেঁপাহৰ আনন্দৰাম বৰুৱা বঁটা

অসমত বন্ধ হৈ পৰিল ছাত্ৰ-ছাত্ৰী সকলৰ মৰমৰ উপহাৰ অসম চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটা৷ আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সদৰি কৰে এই কথা৷ ১৭ বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক প্ৰদান কৰি আহিছিল আনন্দৰাম বৰুৱা বঁটা৷

কিন্তু এতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ নকৰিব আনন্দৰাম বঁটা।

উল্লেখ্য যে, ১৭ বছৰ ধৰি প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা বঁটাৰ অধীনত অসম চৰকাৰে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক লেপটপ আৰু লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছিল।

২০০৫ চনত এই বঁটা ঘোষণা কৰা হৈছিল আৰু সেই বৰ্ষতে প্ৰথমবাৰৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ১২,৭৫৬গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত বঁটা প্ৰদান কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...