পুটিনৰ হাতত এইবাৰ ছাৰমেট ক্ষেপণাস্ত্ৰ

অচিন্ত্য শৰ্মা

ভবাতকৈও বেছি দীঘলীয়া হৈ উঠিছে ইউক্ৰেইন যুদ্ধ। যুদ্ধৰ গতিবিধিক লৈ ক্ৰমাৎ যেন অধৈৰ্য হৈ উঠিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ইউক্ৰেইনৰ নিচিনা সৰু, দুৰ্বল আৰু অপ্ৰস্তুত দেশ এখনক মহাশক্তি ৰুছিয়াই এতিয়াও পদানত কৰিব নোৱাৰা ঘটনাটোৱে অন্য বহুতকো অবাক কৰিছে। অৱশ্যে ইয়াৰ মাজতে লাহে লাহে এটা কথা স্পষ্ট হৈ উঠিছে যে, যুদ্ধখন এতিয়া আৰু ৰুছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধ হৈ থকা নাই। ই হৈ উঠিছে নাটো শক্তি, অন্যান্য মাৰ্কিনপন্থী শক্তি আৰু ৰুছ মহাশক্তিৰ মাজৰ যুদ্ধ। এই যুদ্ধত ইউক্ৰেইনৰ ভূমিকা প্ৰত্যাহ্বানমূলক। এনে প্ৰেক্ষাপটতে পুটিনে সন্ধান কৰিছে এনে এক পৰম শক্তিশালী ঘাতক অস্ত্ৰৰ, যি অস্ত্ৰৰ আঘাতে শত্ৰুৰ সকলো শক্তি মষিমূৰ কৰি দিব পাৰে আৰু সুনিশ্চিত কৰিব পাৰে ইউক্ৰেইন যুদ্ধত ৰুছিয়াৰ দ্ৰুত বিজয়।

আৰু অৱশেষত পুটিনৰ হাতত আহি পৰিছে তেনে এক অস্ত্ৰ, যি অস্ত্ৰৰ নাম RS-28 ছাৰমেট ক্ষেপনাস্ত্ৰ। হয়, এয়াই পুটিনৰ সেই অমোঘ অস্ত্ৰ। যোৱা ২০ এপ্ৰিলত প্ৰথমবাৰৰ বাবে সফলতাৰে পৰীক্ষা সম্পন্ন কৰা ছাৰমেট ক্ষেপনাস্ত্ৰ, এই পৰ্যন্ত পৃথিৱীত আৱিষ্কৃত বা নিৰ্মাণ হোৱা সকলো অস্ত্ৰতকৈ সৰ্বাধিক শক্তিশালী। এবাৰত ১৫টাকৈ পাৰমাণৱিক বোমা কঢ়িয়াই নিবলৈ সক্ষম ছাৰমেট দৰাচলতে এক আন্ত:মহাদেশীয় ক্ষেপনান্ত্ৰ। হাইপাৰছ’নিক দ্ৰুতিৰে গৈ ই আঘাত কৰিবলৈ সক্ষম ১৮হাজাৰ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত। পৃথিৱীৰ কোনো প্ৰতিৰক্ষা ব্যৱস্থাই চিনাক্ত কৰিব বা প্ৰতিৰোধ কৰিব নোৱাৰে উক্ত ক্ষেপনাস্ত্ৰক। কাৰ্যত: আজিৰ যুগৰ ব্ৰহ্মাস্ত্ৰ এই ছাৰমেট ক্ষেপনাস্ত্ৰ। হয়তো পুটিনে আশা কৰাৰ নিচিনাকৈয়েই এই অমোঘ অস্ত্ৰই অন্ত:পেলাব ইউক্ৰেইন যুদ্ধৰ। থিক পৰমাণু বোমাই দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলোৱাৰ নিচিনাকৈয়ে। কিন্তু ইয়ে সৃষ্টি কৰিব পৃথিৱীৰ বাবে অন্য এক বিপদৰ, যি কোনো মুহূৰ্ততে বিশ্ব ধ্বংস হোৱাৰ স্থায়ী আশংকাৰ। মানৱ জাতিৰ মূৰৰ ওপৰত ওলমি থাকিব অন্য এখন তৰোৱাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...