‘শ্রদ্ধা কাণ্ড’ৰ অনুৰূপ ঘটনা

‘শ্রদ্ধা কাণ্ড’ৰ অনুৰূপ ঘটনা
যুৱতীক হত্যা কৰি লুকুৱাই থ’লে আলমাৰিত
নিখোঁজ লিভ ইন পার্টনাৰ

আপোনাৰ নিশ্চয় মনত আছে দেশ কপোৱা শ্ৰদ্ধা নামৰ যুৱতীগৰাকীৰ নৃশংস হত্যাকাণ্ডক কথা। মুম্বাইৰ শ্ৰদ্ধা নামৰ যুৱতীগৰাকীক প্ৰেমিকে দিল্লীৰ এটা ফ্লেটত হত্যা কৰি শৰীৰটো টুকুৰা টুকুৰ কৰিছিল। শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰাবোৰ ভণ্ড প্ৰেমিকে সুমুৱাই ৰাখিছিল ফ্ৰিজত। এই ঘটনা পোহৰলৈ অহাৰ পিছত দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। দীৰ্ঘ দিন ধৰি চলি আছে এই দেশ কপোঁৱা হত্যাৰ তদন্ত। কিন্তু এনে ঘটনা একমাত্ৰ হৈ নৰ’ল। পুনৰ দিল্লীত ঘটিছে অনুৰূপ ঘটনা।

আন এক ‘শ্ৰদ্ধা কাণ্ড’ই জোকাৰিছে দেশ
পুনৰ আলমাৰিত উদ্ধাৰ হৈছে আন এগৰাকী যুৱতীৰ মৃতদেহ

বিগত কিছু দিন ধৰি সন্ধানহীন হৈ আছিল যুৱতীগৰাকী। বুধবাৰে নিশা দিল্লী আৰক্ষীলৈ এটা ফোন আহিছিল। দিল্লী আৰক্ষীক যুৱতীগৰাকীৰ পিতৃ বুলি পৰিচয় দিয়া এজন লোকে জনাইছিল–

যোৱা কিছু দিন ধৰি সন্ধানহীন হৈ আছে কন্যা
যুৱতীগৰাকীক হত্যাৰ সন্দেহ পিতৃৰ
লিভ ইন পার্টনাৰে যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ

লগে লগে দিল্লী আৰক্ষী নামিল অনুসন্ধানত। যুৱতীগৰাকীৰ পিতৃয়ে দিয়া ঠিকনাত আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী কৰিলে। প্ৰথম অৱস্থাত সন্দেহজনক একো নাপালে আৰক্ষীয়ে।

শেষত এটা আলমাৰি খুলি হতবাক হ’ল আৰক্ষী
আলমাৰিত উদ্ধাৰ হ’ল নিখোঁজ যুৱতীৰ মৃতদেহ

যুৱতীগৰাকী মৃতদেহ উদ্ধাৰ পিছত ফৰেনচিক দলো নামিল অনুসন্ধানত। ইতিমধ্যে অনুসন্ধানকাৰী নিশ্চিত হৈছে ২৪ বছৰীয়া যুৱতীগৰাকীক হত্যা কৰা হৈছে। যুৱতীগৰাকীৰ পিতৃৰ অভিযোগ

লিভ ইন পার্টনাৰৰ নাম বিপুল
প্ৰায়ে বিপুলে মাৰধৰ কৰিছিল যুৱতীগৰাকীক
কিছু দিন যোগাযোগ নথকাত সন্দেহ হৈছিল পিতৃৰ

ডেৰ মাহ ধৰি দ্বাৰকাৰ এটা ভাৰাঘৰত চুৰাটৰ প্ৰেমিক বিপুলৰ সৈতে আছিল যুৱতীগৰাকী। কিন্তু যুৱতীগৰাকীক হত্যা কৰি পলায়ল কৰিছে বিপুলে। আৰক্ষীয়ে চলাই আছে তদন্ত। এই ঘটনা পোহৰলৈ অহাত পুনৰ চৰ্চালৈ আহিছে ২০২২ চনৰ মে’ত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড। ২৭ বছৰীয়া শ্ৰদ্ধাক হত্যা কৰিছিল লিভ এন পাৰ্টনাৰ আলতাব আমিন পুনাৱালা নামৰ যুৱকজনে। মৃতদেহ ৰখাৰ বাবে আলতাবে কিনি আনিছিল নতুন ফ্ৰিজ। তাৰ পিছৰ ঘটনা সকলোৰে জ্ঞাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...