হলিউডত আন এক ৰহস্যজনক মৃত্যু! ‘ইট’ৰ অভিনেতা জেমছ ৰেনছনে কিয় চৰম সিদ্ধান্ত বাছি ল’লে?

হলিউডৰ আন এক ঘটনা। প্ৰয়াত ‘দ্য ৱায়াৰ এণ্ড ইট: চেপ্টাৰ ২’-বিখ্যাত অভিনেতা জেমছ ৰেনছন। জানিব পৰা মতে, ১৯ ডিচেম্বৰত লছ এঞ্জেলছত হলিউডৰ অভিনেতাজনে আত্মহত্যা কৰিছিল।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ফাঁচীৰ ফলত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, আৰক্ষীৰ তদন্তত এই হত্যাকাণ্ডৰ কোনো ষড়যন্ত্ৰ বা অস্বাভাৱিকতা প্ৰকাশ পোৱা নাই।

জেমছৰ মৃত্যুৰ ঠিক পিছতেই তেওঁৰ পত্নী জেমী মেকফিৰ এটা পুৰণি পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। অভিনেতাজনৰ মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে জেমীয়ে এই পোষ্টটো দিছিল। ‘‘National Alliance on Mental Illness’’ৰ সমৰ্থনত ধন সংগ্ৰহৰ বাবে এটা পোষ্ট কৰিছিল।

অভিনেতাজনৰ ২৭ বছৰ বয়সতে হেৰ’ইন আসক্তিৰ খবৰ পোহৰলৈ আহিছিল। ড্ৰাগছৰ প্ৰতি আসক্ত হৈ প্ৰায় ৩০ হাজাৰ টকাৰ ঋণ লৈছিল। পিছত ক্ৰমান্বয়ে তেওঁ ড্ৰাগছৰ আসক্তিৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছিল। অভিনেতাজনে, নিজেই কয় যে – ২০০৬ চনৰ পৰা ক্ৰমান্বয়ে ড্ৰাগছ বাদ দি স্বাভাৱিক জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে। ২০২১ চনত দিয়া এক সাক্ষাৎকাৰত জেমছে কয় যে, তেওঁ সৰুতে যৌন নিৰ্যাতনৰ বলি হৈছিল। তেওঁ গণিতৰ শিক্ষকৰ দ্বাৰা যৌন নিৰ্যাতন বলি হোৱাৰ কথাও ছ’চিয়েল মিডিয়াত উত্থাপন কৰিছিল।

এই ঘটনা সন্দৰ্ভত তেওঁ ২০২০ চনত বাল্টিমোৰ আৰক্ষীক অভিযোগ দাখিল কৰিছিল। ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ পিছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যোৱা কেইদিনমানৰ পৰা জেমছ মানসিক বিষণ্ণতাত ভুগি আছিল নেকি, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ কিয় এই চৰম পদক্ষেপ বাছি ল’লে সেই সন্দৰ্ভত পৰিয়ালৰ কোনোৱেই একো কোৱা নাই।

জেমছে পত্নী জেমী আৰু দুটা সন্তানৰ সৈতে বাস কৰিছিল। মন কৰিবলগীয়া যে, তেওঁ ‘চিনিষ্টাৰ’, ‘দ্য ব্লেক ফোন’, ‘ইট’, ‘কেন পাৰ্ক’, ‘অল্ড বয়’, ‘দ্য লাই’, ‘দ্য ছন অৱ ন’ৱান’ আদি ছবিত অভিনয় কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘টকাৰ দুৰ্বলতাই অৰ্থনীতিৰ কোনো ক্ষতি কৰা নাই’; কিয় এই বছৰ টকা চাপত পৰিছে?

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ মতে শেহতীয়াকৈ টকাৰ...

ইংৰাজসকলে কিয় মদ্যপান কৰিবলৈ এৰিছে?

মুছলমান দেশ ছৌদি আৰৱত সুৰাৰ বিপণী পুনৰ খোলা হৈছে,...