আত্ম প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ আন এক সফলতা। স্বদেশী গ্লাইড বোমাৰ সফল পৰীক্ষণ।
দেশীয়ভাৱে নিৰ্মিত ‘খগন্তক-২৪৩’ দীৰ্ঘ দূৰত্বৰ গ্লাইড বোমাই লাভ কৰিলে গুৰুত্বপূৰ্ণ সফলতা।

কি এই খগণ্টক-২৪৩’
ভাৰতে আত্ম প্ৰতিৰক্ষা আৰু আকাশীপথৰ পৰা নিখুঁত আক্ৰমণৰ সক্ষমতা বৃদ্ধিৰ দিশত আন এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে । দেশীয়ভাৱে বিকশিত কৰা দীৰ্ঘ দূৰত্বৰ গ্লাইড বোমা ‘খগন্তক-২৪৩’ৰ সফল ড্ৰপ টেষ্ট সম্পন্ন কৰিছে ভাৰতীয় বায়ুসেনাই।
ভাৰতীয় প্ৰতিৰক্ষা কোম্পানী JSR Dynamics-এ এই অস্ত্ৰ বিকশিত কৰিছে। পৰীক্ষণৰ সময়ত ‘খগণ্টক-২৪৩’এ নিৰ্ধাৰিত লক্ষ্য আৰু পৰীক্ষণৰ উদ্দেশ্য সফলভাৱে পূৰণ কৰে। এই সফলতাই দেশত নিৰ্মিত আকাশীপথৰ পৰা নিক্ষেপ কৰিব পৰা নিখুঁত অস্ত্ৰৰ উন্নয়ন আৰু পৰীক্ষণ প্ৰক্ৰিয়াক নতুন গতি প্ৰদান কৰিছে।
‘খগণ্টক-২৪৩’ৰ মাধ্যমেৰে ষ্টেণ্ড-অফ ষ্ট্ৰাইক সক্ষমতা বৃদ্ধিৰ লক্ষ্য
‘খগন্তক-২৪৩’ ভাৰতৰ দীৰ্ঘ দূৰত্বৰ আকাশীপথৰ পৰা নিক্ষেপ কৰিব পৰা উন্নত অস্ত্ৰ বিকাশৰ বৃহত্তৰ প্ৰচেষ্টাৰ অংশ। ষ্টেণ্ড-অফ ষ্ট্ৰাইক মিছনত এনে অস্ত্ৰই বায়ুসেনাক অধিক দূৰত্বৰ পৰা লক্ষ্যবস্তু আক্ৰমণ কৰাৰ লগতে অভিযান পৰিচালনাত অধিক নমনীয়তা প্ৰদান কৰিব পাৰে।
গ্লাইড বোমা হৈছে এনে একধৰণৰ অস্ত্ৰ, যি বিমানৰ পৰা নিক্ষেপ কৰাৰ পিছত বায়ুৰ গতিবিদ্যাৰ সহায়ত লক্ষ্যৰ দিশে আগবাঢ়ে। ফলত পৰম্পৰাগত গ্ৰেভিটি বোমাৰ তুলনাত নিক্ষেপকাৰী বিমানখনে তুলনামূলকভাৱে অধিক দূৰত্বৰ পৰা লক্ষ্যবস্তুত আক্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰে।
ভাৰতীয় বায়ুসেনাই ইতিমধ্যে বিভিন্ন দেশীয় আৰু দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। সেই পৰিপ্ৰেক্ষিতত ‘খগণ্টক-২৪৩’ৰ সফল ড্ৰপ টেষ্ট দেশখনৰ সামৰিক সক্ষমতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
‘খগণ্টক-২৪৩’ৰ সফল পৰীক্ষণে ভাৰতৰ আত্মনিৰ্ভৰ প্ৰতিৰক্ষা অস্ত্ৰ নিৰ্মাণৰ প্ৰচেষ্টাত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি সংযোজন কৰিলে।

