কৃষকক উৎসাহিত কৰিবলৈ অহা ২১জানুৱাৰীত ৬টা শিতানত ‘অংকুৰিত অসম’ কৃষি বঁটা

প্ৰতিটো ঋতু অসমৰ খেতিপথাৰ নদন বদন হৈ থকা, অসমৰ থলুৱা কৃষ্টি সংকৃতি, বেহা বানিজ্য উন্নতিকৰণেৰে এখন স্বাবলম্বী তথা আত্ম নিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষৰে গঠিত হৈছে ‘অংকুৰিত অসম’। এখন ৰাজ্য তেতিয়াই উন্নতিৰ জখলাত আগবাহি যাব পাৰিব যেতিয়াই অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’ব পাৰিব। অৰ্থনৈতিক ভাৱে তেতিয়াই এখন ৰাজ্য শিখৰত থাকিব যেতিয়া প্ৰতিটো বস্তুৰে উৎপাদন হয়। সেয়ে অংকুৰিত অসমে ভাবে বাকৰি মাটিতে আছে ধন। অৰ্থাৎ অসমৰ মাটিতেই আছে মুকুতা, ধন, ঐশ্বৰ্য।কেৱল সেয়া বুটলিব লাগিব।

এই উদেশ্য সাৰোগত কৰি কেইগৰাকীমান উদ্যমী যুবক যুৱতীয়ে গঢ় দিছিল ‘অংকুৰিত অসম’।অংকুৰিত অসমৰ লক্ষ্য আৰু উদেশ্য সফলকাম কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ সফল, কৃষকক সম্বৰ্ধনা জনাই উৎসাহিত কৰা, কৃষকক বীজ, সাৰ আদিৰ বিতৰণ কৰাকে ধৰি অসমৰ বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচী সময়ে সময়ে ৰূপায়িত কৰি অহা হৈছে।কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰা পোৱা দিহা পৰামৰ্শ অসমৰ বিভিন্ন গাওঁত প্ৰচাৰ কৰা আদি আমাৰ লক্ষ্য। তদুপৰি নিজাকৈ অসমৰ বিভিন্ন ঠাইত অংকুৰিত অসমে কৰি আহিছে বিভিন্ন কৃষি কাৰ্য।

‘অংকুৰিত অসমে’প্ৰতিবছৰে পালন কৰিবলৈ লৈছে এক বিশেষ কাৰ্যসূচী। অসমৰ বিভিন্ন দিশৰ কেইবাগৰাকী কৃষকক প্ৰদান কৰিবলৈ লোৱা হৈছে অংকুৰিত অসম কৃষি বটা। মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেল যোগে এই কথা সদৰি কৰে অংকুৰিত অসমে।এই বঁটাত মুঠ ছটা শিতান থাকিব। বঁটা দিয়া হব কৃষি, উদ্যান শস্য, মীন পালন, ৰেচম শিল্প, পশু পালন আৰু কৃষি উদ্যমী শিতানত।প্ৰতিটো শিতানত তিনিগৰাকীকৈ শ্ৰেষ্ঠ কৃষকক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। এই ক্ষেত্ৰত পুৰস্কাৰৰ পৰিমাণ হৈছে ক্ৰমে ৩৫,০০০ টকা, ২৫,০০০ টকা আৰু ১৫,০০০ টকা। তদুপৰি এগৰাকী সৰ্বশ্ৰেষ্ঠ কৃষকক ‘অংকুৰিত অসম কৃষক ৰত্ন বঁটা’ প্ৰদান কৰা হ’ব।এই বঁটাত আৰ্থিক পুৰস্কাৰৰ পৰিমাণ হৈছে নগদ ৫০,০০০ টকা।অহা ২১ জানুৱাৰীত দুপৰীয়া ১১ বজাত পশু চিকিৎসা মহা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। সংবাদ মেলৰ জৰিয়তে এই প্ৰতিযোগিতাত ৰাজ্য খনৰ কৃষক সকলক অংশ গ্ৰহণ কৰিবলৈ অংকুৰিত অসমে আহ্বান জনাইছে। উল্লেখ্য যে, সংবাদমেলত এই বঁটাৰ বিষয়ে সদৰী কৰে ‘অংকুৰিত অসম’ ৰ সভাপতি নাছেৰ হুছেইন, মুখ্য উপদেষ্টা প্ৰণয় বৰদলৈ, কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা, জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই । ইয়াৰ উপৰিও অংকুৰিত অসমৰ অনুপম হাজৰিকা,ৰমেশ পাণ্ডে, ৰাহুল মোদী,চিন্তু সিংহা,ৰুমী দাস, নিলোফা ৰহমান, নিৰেন দাস আদিয়েও সংবাদ মেলত অংশ লয়।

ৰাজ্যৰ কৃষি বিভাগৰ সহযোগত ‘অংকুৰিত অসম’ৰ এই কৃষি বঁটা প্ৰতিযোগিতাৰ বাবে যোগদানৰ অন্তিম তাৰিখ ৫ জানুৱাৰী, ২০২৪। যোগদানৰ প্ৰপত্ৰৰ বাবে ৬০০১০৫১৩০৬ ৱাটছ এপ নম্বৰত প্ৰ পত্ৰ নাইবা form লিখি মেচেজ প্ৰেৰণ কৰিলে প্র পত্ৰ খন প্ৰেৰণ কৰা হ’ব। আনহাতে www.ankuritaasom.org ৰ পৰাও প্ৰপত্ৰ ডাউন- ল’ড কৰিও আবেদন কৰিব পাৰিব কৃষকে। আনহাতে কোনোবাই তেওঁলোকক বঁটাৰ বাবে মনোনীত কৰি প্ৰ- পত্ৰ পূৰণ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

269 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...