পশুপালন আৰু পশুচিকিৎসা কেন্দ্রসমূহ ২৫ লাখ টকাকৈ ব্যয় কৰি আটকধুনীয়াকৈ গঢ়ি তোলা হ’ব : মুখ্যমন্ত্রী

পশুপালন আৰু পশুচিকিৎসা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ অৰ্থনৈতিক খণ্ডত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সম্ভাৱনীয়তাৰ দিশসমূহ পর্যালোচনা কৰাৰ উদ্দেশ্যেৰে আজি জনতাভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিভিন্ন কামকাজ তথা বিভাগটোৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ সন্দৰ্ভত সবিশেষ পর্যালোচনা কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত থকা ৪২১খন পশুচিকিৎসালয় আৰু ৭৬৭ টা উপকেন্দ্ৰত পশুচিকিৎসক আৰু ক্ষেত্র সহায়ক তথা অন্যান্য কর্মচাৰী নিয়মিতভাৱে কৰ্মস্থলীত উপস্থিত থকাৰ লগতে প্রয়োজনীয় দৰৱ আৰু চিকিৎসাসেৱা গোপালকসকলে সহজে লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰিবলৈ বিভাগক নির্দেশ দিয়ে। ৰাজ্যখনত থকা ১৯ টা ৰোগ চিনাক্তকৰণ গৱেষণাগাৰ, ৬১ টা প্ৰদৰ্শনমূলক পাম, ১৭ টা হিমায়িত শুক্র ভঁড়াল আৰু ১০ টা প্রশিক্ষণ কেন্দ্ৰ থকাৰ বিষয়টো বিভাগৰ শীৰ্ষ বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিভাগক এই সুবিধাসমূহৰ জৰিয়তে গোপালকসকল যাতে উপকৃত হ’ব পাৰে সেই দিশটোত প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে।

পশু চিকিৎসালয়সমূহৰ জৰিয়তে জনসাধাৰণে যাতে সহজে পশু চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে স্বাস্থ্যখণ্ডত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দৰে এই খণ্ডকো তেনে পর্যায়েৰে গঢ়ি তোলাৰ দিশত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। যি সমূহ চিকিৎসক অন্য ক্ষেত্ৰসমূহত সংলগ্ন হৈ কাৰ্যনিৰ্বাহ কৰি আছে সেই চিকিৎসকসকলক অতি শীঘ্ৰে নিজস্ব কর্মস্থলীলৈ ওভতাই আনিবলৈ তেওঁ নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ দৰে বিভাগটোৰ উপকেন্দ্ৰসমূহ গঢ়ি তোলাৰ বাবে জিলা আয়ুক্তৰ জৰিয়তে ২৫ লাখ টকাকৈ ব্যয় কৰিব। তেওঁ লগতে কয় যে প্ৰতিখন পশুচিকিৎসালয়ত দুজনকৈ চিকিৎসক থকাটো সুনিশ্চিত কৰিব লাগিব । প্রয়োজন সাপেক্ষে বিভাগটোত নতুনকৈ চিকিৎসক নিযুক্তি দিয়া হ’ব বুলিও তেওঁ কয়। বিভাগৰ দৰব ক্ৰয়ৰ প্ৰক্ৰিয়াটো অধিক সৰলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লেখীয়াকৈ এই ক্ষেত্ৰত তৎকালীনভাৱে পদক্ষেপ ল’বলৈ বিভাগক নির্দেশ দিয়ে।

আজি এই বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰা, হাঁহ-কুকুৰা আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শ‍ইকীয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পশুপালন বিভাগৰ প্রধান সচিব মনীষ ঠাকুৰ, সঞ্চালক ৰাহুল সুৰেশ আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...