সম্পন্ন হ’ল বিশ্বজুৰি চৰ্চা লাভ কৰা অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া

শুকুৰবাৰে সম্পন্ন হ’ল বিশ্বজুৰি চৰ্চা লাভ কৰা অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া। মুম্বাইস্থিত জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত আয়োজিত হ’ল মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰৰ বহুপ্ৰত্যাশিত বিয়াখন। এই আড়ম্বৰপূৰ্ণ বিয়াখনৰ আয়োজনৰ বিষয়ে ইতিমধ্যে জ্ঞাত হৈছে বিশ্ববাসী। বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ নামী-দামী তাৰকাই অংশ ল’লে বিবাহৰ পূৰ্বৰ ভিন্ন অনুষ্ঠানত।

বিয়াৰ দিনটোত বিবাহথলীত উপস্থিত হাই-প্ৰফাইল নেতা-মন্ত্ৰী, তাৰকা। বিবাহথলীত উপস্থিত ভাৰতৰ প্ৰাক্তন ৰেলমন্ত্ৰী লালুপ্ৰসাদ যাদৱ। পত্নী ৰাৱৰী দেৱীও আহিল অনন্ত-ৰাধিকাৰ বিয়ালৈ। বিবাহথলীত বিশ্ববিখ্যাত ৰেচলাৰ জন চিনা। পৰিয়ালসহ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ। ইপিনে সুকীয়া ষ্টাইলত বিবাহথলীত প্ৰৱেশ শ্বাহৰুখ খানৰ।

নিমন্ত্ৰণ ৰক্ষা কৰি অনন্ত-ৰাধিকাৰ বিয়াত উপস্থিত হ’লহি দক্ষিণৰ একাংশ হাই-প্ৰফাইল তাৰকা। পৰিয়ালসহ মুম্বাইত উপস্থিত মহেশ বাবু । অকলেই উপস্থিল হ’লহি অভিনেত্ৰী ৰশ্মিকা মন্দান্না। পত্নী উপাসনা আৰু কন্যাৰ সৈতে বিয়াত অংশগ্ৰহণ অভিনেতা ৰামচৰণৰ। ভগ্নী ক্ল’ কাৰ্দাছিয়ানৰ সৈতে বিবাহথলীত জনপ্ৰিয় আমেৰিকান মিডিয়া তাৰকা কিম কাৰ্ডাচিয়ান।

বিয়লি ৩ বজাত দেশী-বিদেশী অতিথিৰ সৈতে কইনা ৰাধিকা মাৰ্চেণ্টৰ ওচৰলৈ ৰাওনা হ’ল অনন্ত আম্বানীৰ বৰযাত্ৰী। গুজৰাটী ৰীতি-নীতিৰে সম্পন্ন হ’ল দুয়োৰে বিবাহ। নিশা ৮ বজাত হ’ল অনন্ত আৰু ৰাধিকাৰ জয়মালা অনুষ্ঠান। ১৩ জুলাইত শুভ আশীৰ্বাদৰ পাছত ১৪ জুলাইত অনুষ্ঠিত হ’ব অভ্যৰ্থনা অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...