মেডিকেল পঢ়িবলৈ এতিয়াৰে পৰা যাব নালাগে ইউক্ৰেইনলৈ, আনন্দ মহিন্দ্ৰাই কৰিব এই কাম!

সকলো ছাত্ৰৰে উচ্চ শিক্ষা গ্ৰহণৰ হাবিয়াস থাকে। উচ্চাকাংক্ষী আৰু নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন দেখা বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবৰ বাবে বাচনি কৰি বিদেশ। বিদেশৰ বহু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত ভাৰতীয় ছাত্ৰই মেডিকেল, অভিযান্ত্ৰিক, আইন আৰু আন আন বিষয় অধ্যয়ন কৰে। এইদৰে পঢ়িবৰ বাবে বিদেশলৈ গৈ হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে ইউক্ৰেইনত। এতিয়াও বাংকাৰত আবদ্ধ হৈ জীৱন সুৰক্ষিত কৰাৰ চেষ্টা বহু ভাৰতীয় ছাত্ৰৰ। শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগপতি আনন্দ মহিন্দ্ৰাই এক ডাঙৰ পদক্ষেপৰ কথা বিবেচনা কৰিছে। ইয়াৰ পূৰ্বেও আনন্দ মহিন্দ্ৰাই সময়ে সময়ে বহু পদক্ষেপ লৈ আহিছে। টুইটাৰত মহিন্দ্ৰাৰ সপোনৰ প্ৰকল্প আৰু জনহিতাৰ্থে গ্ৰহণ কৰা পদক্ষেপৰ কথা বিভিন্ন সময়ত অৱগত কৰি আহিছে। মহিন্দ্ৰা বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা অধ্যয়ন কৰিব পাৰিব মেডিকেল শিক্ষা। আনন্দ মহিন্দ্ৰাই লিখিছে-মই দেশত মেডিকেল শিক্ষাৰ যে ইমান নাটনি সেয়া অৱগত নাছিলোঁ। ইয়াৰ লগতে টেক মহিন্দ্ৰাৰ এম ডি তথা চিইঅ’ চি পি গুৰনানীক টেগ কৰি লিখিছে-আমি মহিন্দ্ৰা বিশ্ববিদ্যালয়ত উচ্চমানৰ মেডিকেল শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিব নোৱাৰোঁনে?

আনন্দ মহিন্দ্ৰাৰ টুইটৰ লগে লগে বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কম আসন বা ছীটৰ সীমাবদ্ধতাৰ বাবে বহু লোকে বিদেশলৈ গমন কৰিছে। তাৰ লগতে ভাৰতত মেডিকেল শিক্ষাৰ অত্যধিক খৰচৰ বাবে বাহিৰত পঢ়িবলৈ যায়। তাৰ মাজতে পি ভামছিধৰ ৰেড্ডী নামৰ এজনে কয় যে আপোনাৰ আইডিয়া সঁচাকৈয়ে ভাল। কিন্তু আন আন প্ৰতিষ্ঠানৰ দৰে কোটি টকাৰ পঢ়াৰ খৰচ যাতে নহয় তাৰ বাবে মন কৰিবলৈ অনুৰোধ। লগে লগে মহিন্দ্ৰাই জনায় যে-এই কথা মনত ৰাখিম।


আনন্দ মহিন্দ্ৰাই উল্লেখ কৰা অনুসৰি ১৮ হাজাৰ লোকে ইউক্ৰেইনত পঢ়ি আছে। আনহাতে, সৰ্বাধিক ২৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে চীনত মেডিকেল পঢ়ি আছে। একেদৰে, ৰাছিয়াত ১৬,৫০০, ফিলিপিনছত ১৫ হাজাৰ, কিৰ্গিস্তানত ১০ হাজাৰ, জৰ্জিয়াত ৭,৫০০ ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল পঢ়ি আছে। মন কৰিব লগীয়া যে, বাংলাদেশত ৫,২০০ ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল অধ্যয়ন কৰি আছে। আনহাতে, কাজাখাস্তানত ৫,২০০, পোলেণ্ডত ৪,২০০ আৰু আৰ্মেনিয়াত ৩ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে চিকিত্সা বিজ্ঞান অধ্যয়ন কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...