দুটা বছৰৰ অন্তত এইবাৰ হ’ব অম্বুবাচী মেলা!

ক’ভিড মহামাৰীৰ বাবে অনুষ্ঠিত নোহোৱা দুটা বছৰৰ পিছত এইবাৰ পুনৰ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পাতিবলৈ চলিব যো-জা। মন্দিৰ কৰ্তৃপক্ষ আৰু কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ মাজত হোৱা বৈঠকৰ পিছত ঘোষণা কৰে এই কথা। জানিবলৈ দিয়ে যে, জুন মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই অম্বুবাচী মেলা অন্ত পৰিব ২৬ জুনত।

মন্দিৰ কৰ্তৃপক্ষ আৰু ভক্তসকলে এই বছৰৰ অম্বুবাচী মেলাত ইয়াৰ পূৰ্বৰ উছাহৰ মাজেৰেই অনুষ্ঠিত কৰিব। অম্বুবাচী মেলাৰ ৰীতি-নীতিৰ বাবে মন্দিৰ কতৃপক্ষই ৰাইজক মন্দিৰ দৰ্শন কৰিবৰ বাবে অনুমতি প্ৰদান নকৰিব। আৰু এই নিয়ম ২২ জুনৰ নিশা ৮:১৬ৰ পৰা কাৰ্যকৰী কৰা হ’ব আৰু ২৬ জুনৰ ৰাতিপুৱাৰ লৈকে এই নিয়ম চলি থাকিব। আনহাতে যোৱা বছৰ ক’ভিড মহামাৰীৰ বাবে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা কেৱল বৈদিক ৰাতি নীতিৰে পালন কৰা হৈছিল। যোৱা বছৰৰ অম্বুবাচী মেলাত প্ৰশাসনে মন্দিৰৰ চৌহদত ভক্ত আৰু দৰ্শনাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...