নলবাৰীৰ অসীম শৰ্মা নামৰ লোকজনৰ জীৱনলৈ যেন নামি আহিল অমানিশা

সকলো ঠিকেই চলি আছিল, কিন্তু হঠাৎ নলবাৰীৰ অসীম শৰ্মা নামৰ লোকজনৰ জীৱনলৈ যেন নামি আহিল অমানিশা। আজিৰ পৰা প্ৰায় ২বছৰ আগত সেই পৰিয়ালটোত আছিল কেৱল সুখ-শান্তি, কিন্ত অসীম শৰ্মাৰ পৰিয়ালটোত এতিয়া নাই সেই আনন্দ।
কাৰণ অসীম শৰ্মা ২ বছৰৰ পৰা ভুগি আছে কৰ্কট ৰোগত আৰু অসীম শৰ্মাৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন। ইতিমধ্যেই পত্নী নিলাক্ষী গোস্বামীয়ে শেষ কৰিছে সমস্ত ধন। বৰ্তমান তেওঁলোক অসহায়। ৯বছৰীয়া ল’ৰাটোও বৰ্তমান দেউতাকৰ মৰমৰ পৰা বঞ্চিত। মুম্বাইৰ টাটা মেমৰিয়েল কেঞ্চাৰ হাস্পতালত শৰ্মাৰ চিকিৎসা চলি আছে যদিও ধনৰ অভাৱৰ বাবে সম্পন্ন কৰিব পৰা নাই সু-চিকিৎসা। তেওঁলোকক লাগে আপোনালোকৰ অকণমান সহায়, এই অকণমান আৰ্থিক সহায়ে হয়তো সুস্থ কৰি তুলিব পাৰে অসীম শৰ্মাক।
কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে বেংক একাউণ্টৰ জৰিয়তে আগবঢ়াব পাৰে আৰ্থিক সহায়। যোগাযোগ কৰিব পাৰে 9706778207 নম্বৰত।

একাউণ্ট নম্বৰ : 34804103772, IFSC CODE : SBIN0005240, Branch : SBI Gorchuk. Google Pay : 9706778207

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...