ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়। মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰি শিক্ষকজনক দিয়া হয় দৰমহা। পানীলগা জ্বৰ হোৱা বুলিয়েই বিদ্যালয়লৈ নাহে প্ৰধান শিক্ষক।

ঘটনা গোৱালপাৰা জিলাৰ বহতী এন ছি প্ৰাথমিক বিদ্যালয়ৰ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব। দুজনীয়া শিক্ষকৰে চলা প্ৰাথমিক বিদ্যালয়খনত এতিয়া চৰম অৰাজকতাৰ অভিযোগ অভিভাৱক কিম্বা স্থানীয় ৰাইজৰ। প্ৰধান শিক্ষক আব্দুল ওৱাহাবৰ বিৰুদ্ধে দুৰ্নীতি অনিয়মৰ অভিযোগ।

বিদ্যালয়খনত নিয়মীয়াভাৱে উপস্থিত নাথাকে প্ৰধান শিক্ষক আব্দুল ওৱাহাব। আব্দুল ওৱাহাবে ছাত্ৰ ছাত্ৰীক নিদিয়ে নিয়মীয়া পাঠদান। প্ৰধান শিক্ষকৰ সলনি বিদ্যালয়খনত ৰাখিছে এগৰাকী ভাড়াতীয়া শিক্ষক। আৰু ভাড়াতীয়া শিক্ষকজনক দৰমহা দিয়ে বিদ্যালয়লৈ অহা মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰি। ফলত সপ্তাহত ৩ দিনকৈ বন্ধ ৰখা হয় মধ্যাহ্ন ভোজন।

তদুপৰি, বিদ্যালয়খনত বিভাগীয় ভাৱে লাভ কৰা আন্ত:গাঁথনিৰ টকা সঠিকভাৱে ৰূপায়ন নকৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক আব্দুল ওৱাহাবৰ বিৰুদ্ধে। এক কথাত কবলৈ গলে চুড়ান্ত মইমতালিৰে বিদ্যালয় পৰিচালনা কৰিছে প্ৰধান শিক্ষক ওৱাহাবে। বিষয়টো স্থানীয় ৰাইজে মাটিয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক অৱগত কৰিছিল যদিও আজিকোপতি লাভ নকৰিলে সুফল। শীঘ্ৰেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীক দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে এই সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে প্ৰধান শিক্ষক আব্দুল ওৱাহাবে।

ছাৰে যিমান সঁচা কথা কলেও ছবিয়ে কিন্তু কেতিয়াও মিছা নকয়। চাৰে কোৱাৰ দৰে সচাকৈয়ে যদি বিদ্যালয়খন সঠিকভাৱে পৰিচালিত হৈছে তেন্তে বিদ্যালয়ৰ পাঠদানৰ সময়ত ৰাষ্টাত, বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীয়ে ধূলি-বালি খেলি থকাটোহে আচৰিত কথা। কণ-কণ শিশুৰ ভবিষ্যতক লৈ হেতালি খেলা এনেবোৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষাবিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে গুৰুত্বপূৰ্ণ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...