ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়। মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰি শিক্ষকজনক দিয়া হয় দৰমহা। পানীলগা জ্বৰ হোৱা বুলিয়েই বিদ্যালয়লৈ নাহে প্ৰধান শিক্ষক।

ঘটনা গোৱালপাৰা জিলাৰ বহতী এন ছি প্ৰাথমিক বিদ্যালয়ৰ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব। দুজনীয়া শিক্ষকৰে চলা প্ৰাথমিক বিদ্যালয়খনত এতিয়া চৰম অৰাজকতাৰ অভিযোগ অভিভাৱক কিম্বা স্থানীয় ৰাইজৰ। প্ৰধান শিক্ষক আব্দুল ওৱাহাবৰ বিৰুদ্ধে দুৰ্নীতি অনিয়মৰ অভিযোগ।

বিদ্যালয়খনত নিয়মীয়াভাৱে উপস্থিত নাথাকে প্ৰধান শিক্ষক আব্দুল ওৱাহাব। আব্দুল ওৱাহাবে ছাত্ৰ ছাত্ৰীক নিদিয়ে নিয়মীয়া পাঠদান। প্ৰধান শিক্ষকৰ সলনি বিদ্যালয়খনত ৰাখিছে এগৰাকী ভাড়াতীয়া শিক্ষক। আৰু ভাড়াতীয়া শিক্ষকজনক দৰমহা দিয়ে বিদ্যালয়লৈ অহা মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰি। ফলত সপ্তাহত ৩ দিনকৈ বন্ধ ৰখা হয় মধ্যাহ্ন ভোজন।

তদুপৰি, বিদ্যালয়খনত বিভাগীয় ভাৱে লাভ কৰা আন্ত:গাঁথনিৰ টকা সঠিকভাৱে ৰূপায়ন নকৰাৰো অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক আব্দুল ওৱাহাবৰ বিৰুদ্ধে। এক কথাত কবলৈ গলে চুড়ান্ত মইমতালিৰে বিদ্যালয় পৰিচালনা কৰিছে প্ৰধান শিক্ষক ওৱাহাবে। বিষয়টো স্থানীয় ৰাইজে মাটিয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক অৱগত কৰিছিল যদিও আজিকোপতি লাভ নকৰিলে সুফল। শীঘ্ৰেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীক দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে এই সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে প্ৰধান শিক্ষক আব্দুল ওৱাহাবে।

ছাৰে যিমান সঁচা কথা কলেও ছবিয়ে কিন্তু কেতিয়াও মিছা নকয়। চাৰে কোৱাৰ দৰে সচাকৈয়ে যদি বিদ্যালয়খন সঠিকভাৱে পৰিচালিত হৈছে তেন্তে বিদ্যালয়ৰ পাঠদানৰ সময়ত ৰাষ্টাত, বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীয়ে ধূলি-বালি খেলি থকাটোহে আচৰিত কথা। কণ-কণ শিশুৰ ভবিষ্যতক লৈ হেতালি খেলা এনেবোৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষাবিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে গুৰুত্বপূৰ্ণ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...