ডাকঘৰত কিমান সুৰক্ষিত আপোনাৰ কষ্টোপাৰ্জিত ধন? জখলাবন্ধাৰ ডাকঘৰত মৃত মহিলাৰ একাউণ্টৰ পৰা ধন হৰলুকিৰ অভিযোগ

কলিয়াবৰৰ জখলাবন্ধা ডাকঘৰত এগৰাকী মৃত মহিলাৰ একাউণ্টৰ পৰা প্ৰায় ৯ লাখ টকা হৰলুকি হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। ডাকঘৰত সঞ্চয় কৰি ৰখা ধন নিৰাপদ নহয় নেকি? এই ঘটনাই এতিয়া উত্থাপন কৰিছে তেনে এক ডাঙৰ প্ৰশ্ন।

জানিব পৰা মতে, জখলাবন্ধা হাস্পতাল চাৰিআলিৰ বাসিন্দা দীপামনি শইকীয়া নামৰ মহিলাগৰাকীৰ জখলাবন্ধা ডাকঘৰত এটা একাউণ্ট আছিল। উক্ত একাউণ্টত তেওঁৰ কষ্টোপাৰ্জিত ধন জমা আছিল। কিন্তু ২০২৪ চনৰ মাৰ্চ মাহত মহিলাগৰাকীৰ মৃত্যু হয়। মাতৃৰ মৃত্যুৰ পিছত একাউণ্টটো পৰীক্ষা কৰিবলৈ ডাকঘৰত উপস্থিত হয় পুত্ৰ। মাতৃৰ মৃত্যুৰ প্ৰমাণ-পত্ৰ দেখুৱাই একাউণ্টৰ ধনৰ বিষয়ে জানিবলৈ চেষ্টা কৰাৰ সময়তে পোহৰলৈ আহে এই ঘটনা।

পৰিয়ালৰ অভিযোগ অনুসৰি, একাউণ্টটোত প্ৰায় ৯ লাখ টকা জমা আছিল। কিন্তু একাউণ্ট পৰীক্ষা কৰাৰ সময়ত মাত্ৰ আঠ হাজাৰ টকা দেখি হতভম্ব পুত্ৰ। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে পুত্ৰগৰাকী গুৱাহাটীলৈ যোৱাৰ উদ্দেশ্যে মাতৃৰ একাউণ্টৰ পৰা প্ৰায় ২ লাখ টকা উলিয়াবলৈ ডাকঘৰত উপস্থিত হৈছিল। কিন্তু তাতেই একাউণ্টত বৃহৎ পৰিমাণৰ ধন নথকাৰ বিষয়টো পোহৰলৈ আহে।

পৰিয়ালটোৰ অভিযোগ অনুসৰি, ২০২৪ চনৰ মাৰ্চ মাহত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিছত কোনো এক সময়ত তেওঁৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিওৱা বা স্থানান্তৰ কৰা হৈছে। অৱশ্যে ধনখিনি কেতিয়া, কেনেদৰে আৰু কাৰ জৰিয়তে উলিওৱা হ’ল, সেই বিষয়ে বৰ্তমানলৈকে স্পষ্ট তথ্য পোহৰলৈ অহা নাই।

ঘটনাৰ পিছতে পৰিয়ালটোৱে জখলাবন্ধা আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। একাউণ্টটোৰ লেনদেনৰ তথ্য, ধন উলিওৱাৰ প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাঁহৰ পৰা নিমখ প্ৰস্তুত কৰি আত্মনিৰ্ভৰশীলতাৰ সপোন ডিমৌৰ যুৱকৰ

ডিমৌৰ পানীদিহিঙৰ ধাইবাৰীৰ যুৱক অনিৰুদ্ধ মগৰে বাঁহৰ পৰা প্ৰস্তুত...

দক্ষিণ-কোৰিয়াক হৰুৱাই এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী দলৰ ঐতিহাসিক স্বৰ্ণ

২০২৬ এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী...

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...