২১ জানুৱাৰীত নহয় অসম বন্ধ, স্থগিত ৰখাৰ ঘোষণা আক্ৰাছুৰ

আক্ৰাছুৱে ২১ জানুৱাৰীত ঘোষণা কৰা অসম বন্ধ স্থগিত। মন্ত্ৰী পীযূষ হাজৰিকাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২১ জানুৱাৰীত ঘোষণা কৰা বন্ধ স্থগিত ৰখাৰ সিদ্ধান্ত ল’লে আক্ৰাছুৱে। ৪ ফেব্ৰুৱাৰীৰলৈকে সময় বান্ধি দিলে চৰকাৰক। এই বন্ধ উঠাই লোৱা হোৱা নাই এই বন্ধ স্থগিত ৰখা হৈছে, কাৰণ মুখ্যমন্ত্ৰী দেশৰ বাহিৰত আছে, সেয়েহে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা নোহোৱালৈকে এই বন্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিলে আক্ৰাছু কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনে।

যদি ফেব্ৰুৱাৰীৰ ৪ তাৰিখলৈকে চৰকাৰে কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱাৰে তেনেহ’লে ৭২ ঘণ্টাপৰ্যন্ত অসম বন্ধ দিবলৈ বাধ্য হ’ব আক্ৰাছু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...