সুদীৰ্ঘ ডেৰ বছৰৰ পিছত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক

গুৱাহাটী, ২৫ জুন, NKTV: সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক। আদালতক কৰা আবেদনৰ ভিত্তিত শুকুৰবাৰে দুদিনৰ বাবে অনুমতি NIAৰ আদালতৰ। এছক’ৰ্টসহ মাতৃ–পুত্ৰক সাক্ষাতৰ বাবে যাব পাৰিব কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ।

সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত মাতৃ-পুত্ৰক সাক্ষাতৰ অনুমতি অখিল গগৈক
দুদিনৰ বাবে অনুমতি NIAৰ আদালতৰ

নিৰাপত্তাৰক্ষীসহ দুদিনৰ বাবে বিশেষ ছুটী কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ। নিৰাপত্তাৰক্ষীৰ আৱেষ্টনীত দুদিনৰ বাবে যাব পাৰিব মাতৃ–পুত্ৰক সাক্ষাৎ কৰিবলৈ। NIA আদালতত ১৫ দিনৰ ছুটী বিচাৰি কৰিছিল আবেদন। শুকুৰবাৰে দিলে NIA আদালতে ৰায়, ১৫ দিনৰ পৰিৱৰ্তে দুদিনৰ বিশেষ ছুটী বিধায়ক অখিল গগৈক।

যোৰহাটত অসুস্থ মাতৃ
গুৱাহাটীত পিতৃৰ বাবে ব্যাকুল হৈ থকা পুত্ৰ
মাতৃ-পুত্ৰক এবাৰ কাষৰ পৰা লগ পাব বিচাৰে অখিল গগৈয়ে

২০১৯ চনৰ ১২ ডিচেম্বৰ। ‘কা’ আন্দোলনৰ ভৰপক সময়। যোৰহাটৰ পৰা আৰক্ষীয়ে আটক কৰিছিল অখিল গগৈক। তাৰ পিছৰে পৰা কাৰাগাৰৰ বন্ধ কুঠৰীত অন্ধকাৰ সময়। সুদীৰ্ঘ ডেৰ বছৰ কাৰাৰুদ্ধ অৱস্থাতে পাৰ কৰিলে অখিল গগৈয়ে। এই ডেৰ বছৰত এবাৰলৈও দেখা পোৱা নাই জন্মদাত্ৰী মাতৃক। যোৰহাটৰ ঘৰখনত থকা অশিতীপৰ মাতৃও ক্ৰমাৎ হৈ পৰিছে অসুস্থ। দুই–এদিনতে প্ৰয়োজন চকুৰ অস্ত্ৰোপচাৰৰ। এবাৰ মাতৃয়ে চাবলৈ বিচাৰে অখিল গগৈক। গুৱাহাটীৰ নিজৰাপাৰত থকা ঘৰখনত কিশোৰ পুত্ৰ। সুদীৰ্ঘ ডেৰ বছৰে অখিল গগৈয়ে এবাৰলৈও লগ পোৱা নাই পুত্ৰক। ক’ভিড আক্ৰান্ত হৈ দীৰ্ঘদিনে অসুস্থ হৈ আছিল অখিল গগৈৰ কিশোৰ পুত্ৰ। এবাৰ দুয়োকে কাষত পাবলৈ মন কাৰাৰুদ্ধ বিধায়কজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...