শিক্ষিত নিবনুৱাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে ই-ৰিক্সা বিতৰণ আজমল ফাউণ্ডেছনৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী দৰিদ্ৰ লোকক ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে

প্ৰায় ২০ লাখ টকা ব্যয়সাপেক্ষে মুঠ ১৭খন ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে

ই-ৰিক্সাৰ জৰিয়তে দৰিদ্ৰ লোকসকলে উপাৰ্জন কৰি যাতে নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে তাৰ বাবে বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে আজমল ফাউণ্ডেচনে আজি মুঠ ১৭জন লোকক একোখনকৈ বিনামূলীয়া ই-ৰিক্সা বিতৰণ কৰা হয়। আজি ই-ৰিক্সা বিতৰণ অনুষ্ঠানত সিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খছৰুল ইছলাম, প্ৰৱন্ধক এম আৰ এইচ আজাদ উপস্থিত আছিল।

উল্লেখ্যযোগ্য যে, আজমল ফাউণ্ডেছনে স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশৰ লগতে দৰিদ্ৰ লোকসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে। অসমৰ চুকে-কোণে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনে এক জাগৰণৰ সৃষ্টি কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ নাইবা দুৰ্ভিক্ষৰ সময়তো আজমল ফাউণ্ডেচনে সদায় মানৱ সেৱা আগবঢ়াই গৈছে। কৰ’না মহামাৰীৰ ফলত কৰ্মসংস্থাপনৰ অভাৱত এক দুৰ্বিসহ জীৱন-যাপন কৰা অসমৰ বিভিন্ন প্ৰান্তৰ ১৭জন হিতাধিকাৰীয়ে আজি ই-ৰিক্সা লাভ কৰি বদৰুদ্দিন আজমল, সিৰাজুদ্দিন আজমলৰ লগতে আজমল পৰিয়াল আৰু আজমল ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...