উদ্ধাৰ কৰক ইউক্ৰেইনত আবদ্ধ অসমৰ শিক্ষাৰ্থীক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ অজিত কুমাৰ ভূঞাৰ পত্ৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰত তথা অসমৰ বহু শিক্ষাৰ্থী। সন্মুখীন হৈছে নানান সমস্যাৰ। আৰু সেই আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ লিখিলে সাংসদ অজিত কুমাৰ ভূঞাই।

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখিছে যে – ইউক্ৰেইনৰ চহৰ ছুমিত আবদ্ধ হৈ আছে মোৰ ৰাজ্যৰ প্ৰায় ৫৭জন শিক্ষাৰ্থী আৰু আবদ্ধ শিক্ষাৰ্থীকেইগৰাকীৰ সৈতে ফোনযোগে সকলো পৰিস্থিতি সম্পৰ্কে কথা পাতো মই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা কৰিছে যদিও তেওঁলোকে হেনো পোৱা নাই কোনো সহাৰি।

গতিকে আবদ্ধ হৈ থকা আটাইকেইগৰাকী শিক্ষাৰ্থীকে যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখা হ’ল এই পত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...