উদ্ধাৰ কৰক ইউক্ৰেইনত আবদ্ধ অসমৰ শিক্ষাৰ্থীক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ অজিত কুমাৰ ভূঞাৰ পত্ৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰত তথা অসমৰ বহু শিক্ষাৰ্থী। সন্মুখীন হৈছে নানান সমস্যাৰ। আৰু সেই আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ লিখিলে সাংসদ অজিত কুমাৰ ভূঞাই।

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখিছে যে – ইউক্ৰেইনৰ চহৰ ছুমিত আবদ্ধ হৈ আছে মোৰ ৰাজ্যৰ প্ৰায় ৫৭জন শিক্ষাৰ্থী আৰু আবদ্ধ শিক্ষাৰ্থীকেইগৰাকীৰ সৈতে ফোনযোগে সকলো পৰিস্থিতি সম্পৰ্কে কথা পাতো মই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা কৰিছে যদিও তেওঁলোকে হেনো পোৱা নাই কোনো সহাৰি।

গতিকে আবদ্ধ হৈ থকা আটাইকেইগৰাকী শিক্ষাৰ্থীকে যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখা হ’ল এই পত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...