বানৰ পাছতেই এতিয়া শংকাৰ মাজত সময় পাৰ কৰিছে ৰাজ্যবাসীয়ে

ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ সংহাৰ। বানৰ পাছতেই এতিয়া শংকাৰ মাজত সময় পাৰ কৰিছে ৰাজ্যবাসীয়ে। চলিত বৰ্ষত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ১৮৭ গৰাকী লোক। জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে ৮ গৰাকীৰ। চলিত বৰ্ষত ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৭৯০ গৰাকী। এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যুৰ সংখ্যা ৩৩ গৰাকী। ৰাজ্যত মেলেৰিয়াত আক্ৰান্ত ৪৯৪ গৰাকী। জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তৰ শীৰ্ষ স্থানত যোৰহাট জিলা। যোৰহাটত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৮০ গৰাকী। চলিত বৰ্ষত জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হৈছে ৮ গৰাকীৰ। যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৪০ গৰাকী, মৃত্যু হৈছে এগৰাকীৰ। জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তৰ দ্বিতীয় স্থানত ডিব্ৰুগড় জিলা।

ডিব্ৰুগড়ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ১৬ গৰাকী। জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৫৫ গৰাকী, মৃত্যু হৈছে ২ গৰাকীৰ। জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্তৰ তৃতীয় স্থানত শিৱসাগৰ জিলা। শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ১৫ গৰাকী, মৃত্যু ৩ গৰাকীৰ। বৰপেটাত ১৩ গৰাকী। ধেমাজিত ১৬ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত, মৃত্যুৰ সংখ্যা ২! নলবাৰীতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। নলবাৰীত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৪০ গৰাকী। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৪ গৰাকী। জিলাখনত স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে সজাগতা মূলক ব্যৱস্থা। যদিও আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে জিলাখনত এতিয়ালৈকে মৃত্যু হোৱা নাই এজনো লোকৰ।

জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তৰ তৃতীয় স্থানত গোলাঘাট জিলা। জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত গোলাঘাটত আক্ৰান্ত ৫৪, মৃত্যু এজনৰ। লখিমপুৰ ৪৭, নলবাৰী-৪০, নগাঁও-৪৩, শোণিতপুৰ-৪০, মৃত্যু ১! ধুবুৰী-৪৭, ধেমাজি-৩৬, মৃত্যু ৩! শিৱসাগৰ-৩১, মৃত্যু-৪, বৰপেটা-৩৩, মৃত্যু ১! কামৰূপ-২৯, মৃত্যু-৫, কামৰূপ মহানগৰ-১৮ গৰাকী আক্ৰান্ত। উজনি, নামনি, মধ্য অসম সকলোতে জাপানীজ এনকেফেলাইটিছৰ আতংক। ৰহাত জাপানীজ এনকেফেলাটিছত আক্ৰান্ত হৈ মৃত্যু ১৩ বছৰীয়া মাধুৰ্য কোঁৱৰৰ। ৮ দিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল মধুৰ্য। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু দেৰগাঁৱৰ কণ্ঠশিল্পী ৰাকেশ ৰাগৰ।

জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি হৈছে মেলেৰিয়া ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যাও। এতিয়ালৈকে মেলেৰিয়া ৰোগত আক্ৰান্ত – ৪৯৪ গৰাকী। মেলেৰিয়াত মৃত্যুৰ সংখ্যা ৩ গৰাকী। কোকৰাঝাৰত মেলেৰিয়াত আক্ৰান্ত ২০৪ গৰাকী। চিৰাং জিলাত-৭৪ গৰাকী, ওদালগুৰি জিলাত-৪৪ গৰাকী। এই সমূহ ৰোগত আক্ৰান্ত হলে কি কি লক্ষণে দেখা দিব পাৰে। অতিপাত জ্বৰ, তীব্ৰ মূৰৰ বিষ, বিভ্ৰান্তি, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি, কথা বতৰা কোৱাত অসুবিধা জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰধান লক্ষণ। ইতিমধ্যে এই ৰোগৰ পৰা বাচি থাকিবলৈ সজাগতামূলক ব্যৱস্হা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...