নগাঁৱৰ পিছত কাকপথাৰত ছাত্ৰ নেতাক নিৰ্যাতন অসম আৰক্ষীৰ!

ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ নিৰ্যাতনক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ কাকপথাৰত সংঘটিত হৈছে আন এক ঘটনা। তিনিচুকীয়া জিলাৰ কাকপথাৰত এইবাৰ আৰক্ষীৰ নিৰ্যাতনৰ সন্মুখীন হয় আন এজন ছাত্ৰনেতা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা মনোজ তালুকদাৰক প্ৰহাৰ কৰে আৰক্ষীয়ে। তিনিচুকীয়াৰ DSP হেমন্ত বড়োৰ বিৰুদ্ধে ছাত্ৰনেতাজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। মনোজ তালুকদাৰে গাড়ীৰে গৈ থকা অৱস্থাত আৰক্ষীয়ে কোনো কথাৰ অৱতাৰণা নকৰি মাৰধৰ কৰাৰ অভিযোগ। এই ঘটনাক কেন্দ্ৰ কৰি কাকপথাৰ আৰক্ষী থানাত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত আজিও কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্ত ডিএছপি হেমন্ত বড়োক নিলম্বনৰ দাবীত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰে থানা চৌহদ। প্ৰতিবাদী কাৰ্যসূচীত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, কলিতা যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্ত আৰক্ষী বিষয়াজনক শাস্তি বিহাৰ লগতে ক্ষমা খুজিবলৈ সংগঠনসমূহে দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...