প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভান্টেজ আছাম ২.০ সম্মিলন
বিনিয়োগৰ নিৰ্ভৰযোগ্য অংশীদাৰ হ’বলৈ অসম সাজু: মুখ্যমন্ত্রী
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰ, কেইবাগৰাকীও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিদেশী ৰাষ্ট্রদূত আৰু কেইবাগৰাকী উদ্যোগপতিৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়কৈ অনুষ্ঠিত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলন উদ্বোধন কৰে।
উদ্বোধনী ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ পৰম্পৰাগত ঔদ্যোগিক দিশ অৱলোকন কৰি কয় যে অসমে দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনক নেতৃত্ব দিব পৰা এক চহকী ৰাজ্য হিচাপে আত্মপ্রকাশৰ প্রতিশ্রুতি বহন কৰিছে। ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে অসমক দেশৰ এক ঔদ্যোগিকভাৱে শক্তিশালী ৰাজ্য হিচাপে বিকশাই তোলাৰ দিশত ভাৰত চৰকাৰৰ আন্তৰিক সমর্থন আৰু দায়বদ্ধতাৰ কথাও উল্লেখ কৰে। তেওঁ লগতে প্রযুক্তি আৰু উৎপাদন খণ্ডৰ অগ্রাধিকাৰেৰে অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অনা বৈচিত্র্যপূৰ্ণ পৰিৱৰ্তনৰ বাবেও প্রশংসা কৰে।
উল্লেখ্য যে, এডভান্টেজ আছাম ২.০ সন্মিলনৰ জৰিয়তে ৰাজ্যখনত চহকী বিনিয়োগ আৰু ঔদ্যোগিক পৰিৱেশতন্ত্র সম্পর্কে তুলি ধৰাৰ লগতে ইয়াৰ স্থানগত সুবিধা, গতিশীল বিনিয়োগ নীতি আৰু বিনিয়োগৰ লভ্যাংশ দিব পৰা সম্ভাৱনা থকা এক বিশাল বজাৰ উপস্থাপন কৰিব বিচৰা হৈছে।
এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই এই সম্মিলন ৰাজ্যখনৰ ঔদ্যোগিক যাত্রাপথৰ এক ঐতিহাসিক অনুষ্ঠান বুলি অভিহিত কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আশীর্বাদ আৰু গৌৰৱময় উপস্থিতিয়ে এডভান্টেজ আছাম ২.০য়ে বিকাশ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা কৰিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্রধানমন্ত্রীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
অসমৰ চাহৰ ২০০ বছৰ উদযাপনে ৰাজ্যখনৰ ঔদ্যোগিক পৰম্পৰাকে সূচায় বুলি উল্লেখ কৰি তেওঁ কয় যে ১৮২৩ চনত আৱিষ্কাৰ হোৱা চাহ অসমৰ প্ৰধান উদ্যোগ আছিল। অসমৰ উদ্যোগীকৰণৰ চহকী অতীতৰ বিষয়ে অৱলোকন কৰি তেওঁ লগতে কয় যে ভাৰতৰ তেল উদ্যোগৰ প্ৰথম পথ প্রদর্শক আছিল অসম। ১৮৪৭ চনত অসমত কয়লা আৱিষ্কাৰ হৈছিল আৰু ইয়ে অসমৰ ঔদ্যোগিক যাত্ৰাক অধিক আগুৱাই নিয়াৰ লগতে ৰাজ্যখনৰ স্থায়ী বহনক্ষম অর্থনৈতিক বিকাশৰ ভেটি গঢ়ি তুলিছিল। মুখ্যমন্ত্রী শর্মাই কয় যে, ভাৰতৰ স্বাধীনতাৰ সময়ত অসম দেশৰ এখন অর্থনৈতিকভাবে অগ্রণী ৰাজ্য আছিল। চাহ, প্রাকৃতিক সম্পদ আৰু হাইড্ৰ’কাৰ্বনৰ সমৃদ্ধিৰ বাবেই জনমূৰি আয় ৰাষ্ট্ৰীয় গড়তকৈ চাৰি শতাংশ অধিক আছিল।
মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দূৰদৰ্শী নেতৃত্বত অসমে এক ঐতিহাসিক ৰূপান্তৰৰ দিশেৰে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাই অসমৰ দ্রুত বিকাশ আৰু নব্য আশাবাদৰ নতুন যুগলৈ আগুৱাই লৈ গৈছে। তেওঁ কয় যে ২০১৪ চনৰ পৰা ২৩২৪ কিলোমিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ভাৰতীয় ৰে’লৱে ৬০০ কিলোমিটাৰ মিটাৰগজ লাইনক সম্পূর্ণভাবে ব্রডগজলৈ পৰিবৰ্তন কৰিছে। তদুপৰি, বৰ্তমান ভাৰতৰ সপ্তম ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হোৱা অসমে ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ বিকাশৰ দিশত এতিয়া অনুঘটক হৈ পৰিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ জিডিপি ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰিৱৰ্তে ২০২৩-২৪ বৰ্ষত ৬৮.৭ বিলিয়ন ডলাৰ হৈছে। ইয়ে ১২.৪ শতাংশ চিএজিআৰ বৃদ্ধিকে প্রতিফলিত কৰিছে বুলিও তেওঁ কয়।
মুখ্যমন্ত্রীয়ে সকলো উদ্যোগপতি, বিনিয়োগকাৰী, উদ্যোগী আৰু অন্যান্য অংশীদাৰীসকলক বিভিন্ন খণ্ডত অসমৰ বিশাল বিনিয়োগৰ সম্ভাৱনাক বিচাৰি উলিয়াবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে অসমে বিনিয়োগ নিৰ্ভৰযোগ্য অংশীদাৰ সাজু। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সুবিধা আগবঢ়াব বুলিও তেওঁ কয়।
টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণ, বিলায়েঞ্চ উদ্যোগৰ চিএমডি মুকেশ আম্বানী, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, জে এছ ডাব্লিও গ্ৰুপৰ চি এম ডি সজ্জন জিন্দালেও অনুষ্ঠানত ভাষণ প্রদান কৰে। টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে প্রযুক্তি খণ্ডত অসমৰ উত্থানৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষকৈ জাগীৰোডত টাটা ইলেক্ট্রনিকচে বিকশিত কৰি থকা এ টি এম পিৰ সুবিধাই অসমৰ অনুকূল ঔদ্যোগিক পৰিৱেশতন্ত্রকে সূচায় বুলি কয়। তেওঁ অসম চৰকাৰৰ সৈতে সহযোগিতাৰে ভৱিষ্যতৰ ক্ষেত্ৰসমূহত বিচাৰি ওলোৱাৰ সমান্তৰালকৈ অহা পাঁচ বছৰত সেউজ শক্তি, মোবাইল মেনুফেকচাৰিং চিপচৰ দৰে খণ্ডসমূহত বিনিয়োগৰ বাবেও আশ্বাস প্রদান কৰে।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে স্বচ্ছ শক্তি, ফুড এণ্ড নন ফুড, বাঁহ, কনজিউমাৰ ডুৰেবল ৰিটেইলছ আৰু হোটেল খণ্ডৰ উপৰি শুৱালকুছি ৰেচন উদ্যোগকে ধৰি সহযোগিতাৰ বাবে পাঁচটা অগ্ৰাধিকাৰ ক্ষেত্ৰত ওপৰত আলোকপাত কৰি অহা পাঁচ বছৰৰ ভিতৰত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ আশ্বাস দিয়ে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে স্বচ্ছ শক্তি, পথ প্রকল্পকে ধৰি আন্তঃগাঁথনিৰ সৃষ্টিৰ দৰে ক্ষেত্রত আগন্তুক পাঁচ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবেও আশ্বাস প্রদান কৰে। ইয়াৰ উপৰিও বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰবালাই ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ আশ্বাস দিয়ে। জে এছ ডাব্লিউ গ্ৰুপৰ চি এম ডি সজ্জন জিন্দালে অসমত নৱীকৰণযোগ্য শক্তি আৰু থাৰ্মেল পাৱাৰৰ দৰে খণ্ডত বিনিয়োগৰ আশ্বাস দিয়ে।
আজিৰ এই উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, জ্যোতিৰাদিত্য সিন্ধিয়া, ৰয়েল গর্ভমেন্ট অৱ ভুটানৰ কৃষি আৰু পশুপালন মন্ত্রী ইউণ্টেন ফুন্টো, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী ড° মাণিক সাহা, বিভিন্ন দেশৰ মিছন মুৰব্বী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল আৰু উদ্যোগ খণ্ডৰ নেতৃবর্গ উপস্থিত থাকে।