দেউতাক হ’বলৈ গৈ আছে গায়ক আদিত্য নাৰায়ণ, পত্নী শ্বেতাৰ সৈতে শ্বেয়াৰ কৰিলে ফটো

এই বছৰ বলীউডৰ বহুতো দম্পতী অভিভাৱক হ’বলৈ গৈ আছে। নতুনকৈ সংগীত শিল্পী আদিত্য নাৰায়ণ আৰু শ্বেতা আগৰৱালাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আদিত্যই নিজৰ সামাজিক মাধ্যম একাউণ্টৰ পৰা এই তথ্যৰ ভাগ-বতৰা কৰিছে। ফটোখনত শ্বেতাক বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছে।
আদিত্য নাৰায়ণে ফটোখন শ্বেয়াৰ কৰি লিখিছে-আমি আমাৰ প্ৰথম সন্তানক স্বাগতম জনাবলৈ সাজু হৈছোঁ। ফটোখনত পত্নী শ্বেতাৰ সৈতে বহি আলিংগন কৰি আছে। কেপচনটোত লিখিছে-শ্বেতা আৰু মই নিজকে কৃতজ্ঞ অনুভৱ কৰিছো। আমি আমাৰ জীৱনৰ প্ৰথম সন্তানক আদিৰবলৈ সাজু হৈছোঁ। বেবী অন দ্য ৱে হেশ্বটেগ দি আপলোড কৰিছে ফটোখন। ইয়াৰ পিছতে বিভিন্নজনে দুয়োগৰাকীক জনাইছে অভিনন্দন। গায়িকা শ্ৰেয়া ঘোষালে কমেণ্ট কৰি লিখিছে, “ৱাও, এয়া কি খবৰ শুনিলো, বহুত অভিনন্দন! গায়িকা অদিতি সিং শৰ্মাইও লিখিছে-অহ মাই গড, শিশু শ্বাদ সোনকালেই আহি আছে।


উল্লেখ্য যে, ২০২০ চনৰ ১ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল আদিত্য নাৰায়ণে। আদিত্য আৰু শ্বেতাই দুবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ বাতৰি প্ৰকাশ কৰোঁতে আদিত্যই লিখিছিল, “আমি বিয়া পাতিবলৈ গৈ আছো। শ্বেতা, মোৰ প্ৰাণৰ বন্ধুক ১১ বছৰ পূৰ্বৰে পৰা আৰু এতিয়া আমি অৱশেষত ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ম। আমি দুয়ো অত্যন্ত বিশ্বাস কৰোঁ যে কাৰোবাৰ ব্যক্তিগত জীৱন ব্যক্তিগতভাবে ৰখাটোৱে শ্ৰেয়। মই বিবাহৰ প্ৰস্তুতিৰ বাবে সামাজিক মাধ্যমৰ পৰা বিৰতি লৈছো। আপোনালোকক ডিচেম্বৰত দেখা কৰিম। শেষত লিখিছিল, মই নিশ্চিত যে কেতিয়াবা নহয় কেতিয়াবা কৰবাত নিশ্চয় লগ পাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...