গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু কৰা হৈছে গোচৰ

গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭ আৰু R/W Sec 21(A)/29 NDPS আইনৰ অধীনত ১৩০/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। ইপিনে, প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কীৰ্তিকমল বৰাৰ পিতৃ নীলকমল বৰাই।
উল্লেখ্য যে, নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ। মাতৃৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে নগাঁও আৰক্ষীয়ে প্ৰথমে প্ৰহাৰ কৰি ভৰিত গুলীয়াইছিল কীৰ্তিকমলৰ। গুলীবিদ্ধ কীৰ্তিকমল বৰা বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে। এই সমগ্ৰ ঘটনাক তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক দিয়া হৈছে তদন্তৰ দায়িত্ব। ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ‘অসম আৰক্ষীৰ ভূমিকা বন্ধুসুলভ হ’ব লাগে, নিৰীহৰ ওপৰত কঠোৰ হ’লে সহ্য কৰা নহ’ব, আৰক্ষীয়ে ভুল কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে ঘটনাত জড়িত আৰক্ষীক ৭ দিনৰ ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিয়া হৈছে। তদন্তৰ প্ৰতিবেদন দাখিল নোহোৱা পৰ্যন্ত ৭ দিনৰ ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ দিয়া হৈছে। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও নগাঁৱত উপস্থিত হৈ এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ বুজ লয় আৰু ঘটনাত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক সোধা পোছা কৰে।
ইফালে এই ঘটনাৰ পিছতে নগাঁও আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যবাসী। এনকাউণ্টাৰৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা। দেওবাৰৰ দিনটোত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে ঘেৰাও কৰে নগাঁও সদৰ আৰক্ষী থানা। বিভিন্ন দল সংগঠনেও ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰি উচিত তদন্তৰ দাবী উত্থাপন কৰিছে। আৰক্ষীৰ ভাষ্য মতে, কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল ছাত্ৰনেতাজনে। নগাঁও আৰক্ষী অধীক্ষকৰ মতে, যুৱকজন ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত। কিন্তু পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে অস্বীকাৰ কৰিছে সমগ্ৰ অভিযোগ। আত্মৰক্ষাৰ স্বাৰ্থত আৰক্ষীয়ে মনেসজা গোচৰ তৰা বুলিও অভিযোগ পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...