আম্বানিৰ পেট্র’ ৰাসায়ন ব্যৱসায়ৰ পৃথিৱীত প্ৰৱেশ আদানিৰ

আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ কোম্পানীৰ দৰেই এক বৃহৎ কোম্পানী গঠন আদানিৰ
থাইলেণ্ডৰ কোম্পানীৰ সহযোগত আদানিৰ নতুন কোম্পানী

ইমান দিনে দেশৰ সকলোতকৈ বৃহৎ পেট্র’ ৰাসায়নিক প্রকল্প হৈ আহিছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড। দেশৰে নহয় সমগ্র বিশ্বৰ সৰ্ববৃহৎ শোধনাগাৰ জামনগৰ ৰিফাইনেৰী হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ মূল শোধনাগাৰ। ইয়াৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত খাৰুৱা তেলৰ অন্বেষণ আৰু উৎপাদনৰ কামত জড়িত হৈ আছে মুকেশ আম্বানিৰ RIL। পেট্র’ ৰাসায়নিক ক্ষেত্রত আম্বানিৰ প্ৰায় একচেতিয়া ব্যৱসায়ত এতিয়া প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে আদানিৰ নতুন কোম্পানী। থাইলেণ্ডৰ এটা প্ৰখ্যাত কোম্পানী সহযোগী কৰি লৈছে আদানিয়ে।

আদানিৰ নতুন কোম্পানীৰ নাম হৈছে ভেল’ৰ পেট্র’ কেমিকেলছ লিমিটেড (VPL)
আদামিৰ সৈতে ইয়াত ৫০% অংশীদাৰিত্ব আছে থাইলেণ্ডৰ ইণ্ডোৰামা ৰিচাৰ্ছেছ লিমিটেড
আদানি এণ্টাৰপ্রাইজ লিমিটেডৰ অধীনত থাকিব এই নতুন সংস্থা
শ্বেয়াৰ বজাৰত অন্তৰ্ভুক্ত কৰা নথি মতে এই নতুন সংস্থাই কৰিব তেল উদঘাটন-শোধনৰ কাম

১৯৯৪ চনৰে পৰা পেট্র’ ৰাসায়নৰ ব্যৱসায়ত জড়িত আছে থাইলেণ্ডৰ ভাৰতীয় বংশোদ্ভৱ আলোক লেহিয়া মালিকানাধীন ইণ্ডোৰামা ৰিচাৰ্ছেছ লিমিটেড। এই কোম্পানীৰ এতিয়া ৩১খন দেশজুৰি আছে ব্যৱসায়।

VPLৰ মূল কাৰখানা স্থাপন হ’ব গুজৰাটৰ মুদ্রা বন্দৰত
২ সংস্থাই ইয়াৰ বাবে ব্যয় কৰিব ৩৫ হাজাৰ কোটি টকা
এই বন্দৰতে আছে আদানি পেট্র’ কেমিকেলছৰ নিজা প্ৰকল্প

পেট্র’ ৰাসায়নৰ ব্যৱসায়ত আদানিৰ প্ৰৱেশৰ লগে লগে বিশ্ব বজাৰত ভাৰতৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ সম্ভাৱনাই দেখা দিছে। অৱশ্যে আদানিৰ আন এটা কোম্পানী আদানি গেছে ইতিমধ্যে প্ৰৱেশ কৰিছে পেট্ৰ’ ৰাসায়নৰ ব্যৱসায়ত। শেহতীয়াকৈ এক জালিয়াতিত গৌতম আদানিৰ নাম সাঙোৰ খাই পৰাৰ পাছত আদানি গোষ্ঠীৰ ব্যৱসায়ত সাময়িক প্রভাৱ পৰিছিল যদিও তাৰ পৰা ওলাই আহি বিশ্ব বাণিজ্য দখলৰ দিশত আগবাঢ়িছে গৌতম আদানি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...