পকেট মাৰৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী অভিনেত্ৰী!

পকেট মাৰৰ অভিযোগত কলকাতা গ্ৰন্থমেলাত গ্ৰেপ্তাৰ ৰূপা দত্ত নামৰ এগৰাকী অভিনেত্ৰী। নিজকে বলিউডৰ অভিনেত্ৰী বুলি পৰিচয় দিয়া ৰূপা দত্তৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬৫ হাজাৰ ৭৬০ টকাৰ লগতে কেইবাটাও মনিবেগ। কলকাতা গ্ৰন্থমেলাত সন্দেহজনক গতি বিধি লক্ষ্য কৰি আছিল আৰক্ষীয়ে। ইয়াৰ পিছতে আটক কৰে অভিনেত্ৰীগৰাকীক।

ৰূপা দত্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলে আহিছে কেইবাটাও বিস্ফোৰক তথ্য। বলিউডৰ প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰিছিল ৰূপা দত্তই। ২০২০ চনত এই অভিযোগ উত্থাপন কৰি সংবাদ শিৰোনাম দখল কৰিছিল ৰূপা দত্তই। নিজৰ ফেছবুক প্ৰফাইলত অনুৰাগ কাশ্যপৰ সৈতে হোৱা বাৰ্তালাপৰ কিয়দাংশ পষ্ট কৰিছিল ৰূপা দত্তই।কিন্তু পিচত জনা গৈছিল যে চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপ নহয় অন্য এজন অনুৰাগ কাশ্যপৰ সৈতেহে কথা পাতিছিল ৰূপা দত্ত। জয় মা বৈষ্ণদেৱী নামৰ এখন হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল ৰূপা দত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...