মাৰাডোনাৰ হেবলট ঘড়ী চুৰি! অভিযুক্ত ৱাজিদ হুছেইনক জামিন

কিম্বদন্তী ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শিৱসাগৰৰ ৱাজিদ হুছেইনক জামিনত মুক্তি। ফাদিল হ’ল শিৱসাগৰ আৰক্ষীৰ মিথ্যাচাৰ। বাঃ বাঃ ল’বৰ বাবেই শিৱসাগৰ আৰক্ষীয়ে কৰা নাটকৰ যৱনিকা পৰিল আদালতৰ মজিয়াত। ২ মাহে শিৱসাগৰ আৰক্ষীয়ে আদালতত জমাই দিব নোৱাৰিলে চাৰ্জশ্বিট।

UAEৰ পৰা মাৰাডোনাৰ ঘড়ী চুৰিৰ কোনো নথি-পত্ৰ আৰু তথ্যই আদালতত জমা দিব নোৱাৰিলে আৰক্ষীয়ে। অথচ ৯ ডিচেম্বৰত মাৰাডোনাৰ ঘড়ী চুৰি কৰা ৱাজিদ হুছেইনক গ্ৰেপ্তাৰৰ সময়ত ডুবাই আৰক্ষীয়ে অসম আৰক্ষীক যোগাযোগ কৰা বুলিও সংবাদ মেলত সদম্ভে ঘোষণা কৰিছিল শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে।

আৰক্ষী অধীক্ষকজনে আনকি এয়া শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা বুলিও সংবাদ মাধ্যম যোগে সদৰি কৰিছিল। অসম আৰক্ষীৰ সহযোগত ডুবাই আৰক্ষীয়ে চৰাইদেউ জিলাৰ মৰাণহাটৰ পৰা ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰা বুলি টুইট যোগে সদৰি কৰিছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান GP সিঙেও।

টুইট যোগে অসমৰ মুখ্যমন্ত্ৰীয়েও আৰক্ষীয়ে মাৰাডোনাৰ HUBLOT ঘড়ী উদ্ধাৰৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। উল্লেখ্য যে, International Cooperation Act অনুসৰি Indian Federal LEAৰ জৰিয়তে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীক মাৰাডোনাৰ ঘড়ী চুৰিত জড়িত ৱাজিদক কৰায়ত্ত কৰা বুলিও দাবী কৰিছিল শিৱসাগৰ আৰক্ষীয়ে।

কিন্তু দুমাহেও ডুবাই আৰক্ষীৰ কোনো তথ্য তথা ঘড়ী চুৰিৰ সম্পৰ্কত ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰকে ধৰি কোনো তথ্যই আদালতত জমা দিব নোৱাৰিলে আৰক্ষীয়ে। যাৰ বাবে আদালতে জামিনত মুকলি কৰি দিয়ে ৱাজিদ হুছেইনক। আদালতৰ ৰায়ে পুনৰ প্ৰমাণ কৰিলে কোনো তথ্য নথকাকৈ শিৱসাগৰ আৰক্ষীয়ে ২ মাহ ধৰি এজন নিৰিহ যুৱকক আন্ত:ৰাষ্ট্ৰীয় চোৰ সজাই কাৰাগাৰত ৰখাৰ দৰে ঘটনা। কেৱল বাঃ বাঃ লোৱাৰ বাবেই আৰক্ষীয়ে কৰা এনে লজ্জাজনক কাণ্ডই পুনৰ বাৰ উন্মোচন কৰিলে অসম আৰক্ষীৰ চূড়ান্ত দায়িত্বহীনতাক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...