দুৰ্ঘটনাত আক্ৰান্তই লাভ কৰিব ‘ধনবিহীন চিকিৎসা’

দুৰ্ঘটনা সংঘটিত হ’লেই প্ৰথমে আহে আহতৰ চিকিৎসা ব্যয় কোনে বহন কৰিব? বিশেষকৈ হাস্পতাললৈ নিয়া আহত ব্যক্তিক পোনতেই চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত হোহকা–পিছলা কৰে চিকিৎসালয়সমূহেও।এই সমস্যাৰ পৰা দুৰ্ঘটনাগ্ৰস্তক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ‘ধনবিহীন চিকিৎসা’ শীৰ্ষক এক বিশেষ আঁচনি।

দুৰ্ঘটনাগ্ৰস্তলৈ সকাহ দি কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি
দুৰ্ঘটনাত আক্ৰান্তই লাভ কৰিব ‘ধনবিহীন চিকিৎসা’
দেশজুৰি এই আঁচনি প্ৰযোজ্য হ’ব বুলি ঘোষণা নীতিন গাডকাৰীৰ


দেশৰ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনিৰ কথা প্ৰকাশ কৰে। দেশত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা দুৰ্ঘটনাগ্ৰস্ত লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা ধনবিহীন চিকিৎসাৰ এখন আশাব্যঞ্জক আঁচনিৰ কথা কেন্দ্ৰীয় মন্ত্ৰীজনে ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি অনুসৰি

দুৰ্ঘটনাৰ ৭ দিনলৈ আক্ৰান্ত লোকে লাভ কৰিব বিনামূলীয়া চিকিৎসা
আক্ৰান্ত লোকে সৰ্বাধিক ডেৰ লাখ টকাপৰ্যন্ত লাভ কৰিব চিকিৎসাৰ ব্যয়
‘হিট এণ্ড ৰাণ’ ঘটনাত নিহত লোকলৈ ২ লাখ টকাৰ অনুদান দিয়াৰ সিদ্ধান্ত
আৰক্ষীক জনোৱা দুৰ্ঘটনাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই আঁচনি


গাডকাৰীয়ে জনোৱা মতে, অসম, চণ্ডীগড়, পঞ্জাব, উত্তৰাখণ্ড, পুডুচেৰী আৰু হাৰিয়ানাত এই আঁচনিৰ পাইলট প্ৰজেক্টৰ কালত ইতিমধ্যে ৬,৮৪০গৰাকী লোক উপকৃত হৈছে। দেশজুৰি এই আঁচনি ৰূপায়ন হ’লে কমেও ৫০ হাজাৰ লোকক সময়ত উপযুক্ত চিকিৎসা প্ৰদান কৰি জীৱন ৰক্ষা কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। দেশজুৰি দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সদৰী কৰা মতে–পথ নিৰাপত্তাই হৈছে বৰ্তমান চৰকাৰে অগ্ৰাধিকাৰ দিয়া এটা বিষয়। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰা কেতবোৰ আশাসূদীয়া পদক্ষেপৰ কথাও উল্লেখ কৰে।

২০২৩ত ১ লাখ ৭২ হাজাৰ লোকৰ মৃত্যু পথ দুৰ্ঘটনাত
২০২৪ত দেশজুৰি ১ লাখ ৮০ হাজাৰ লোকৰ মৃত্যু পথ দুৰ্ঘটনাত
দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৩০ হাজাৰ মৃত্যু হেলমেট নিপিন্ধাৰ ফলত
ব্যৱসায়িক গাড়ীচালকৰ বাবে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণৰ চিন্তা-চৰ্চা
গাড়ীচালনাত টোপনি যোৱা চালকক সতৰ্ক কৰিবলৈ বিশেষ প্ৰযুক্তি ব্যৱহাৰৰ সিদ্ধান্ত


পথ দুৰ্ঘটনাত আহত লোকক উদ্ধাৰৰ ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰা ব্যক্তিক বৰ্তমানে প্ৰদান কৰি থকা ৫০০০ টকা পুৰস্কাৰৰ পৰিমাণ বৃদ্ধি কৰাৰো চিন্তা–চৰ্চা কেন্দ্ৰৰ।

যান-বাহন উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ স্থান ৭মৰ পৰা ৩য়লৈ উন্নীত
আমেৰিকা আৰু চীনৰ পাছতেই ভাৰতত চলে সৰ্বাধিক গাড়ী


সেয়ে পৰিবহন খণ্ডক নতুন ৰূপ দিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা–চৰ্চা কৰা বুলিও পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে জানিবলৈ দিয়ে।

Popular

More like this
Related

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

পঞ্জাৱৰ অমৃতসৰত এক গোপনীয় গুপ্তচৰবৃত্তি বিৰোধী অভিযানত পঞ্জাৱ আৰক্ষীয়ে...

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...