FZ আৰু ছুইফট ডিজায়াৰৰ মাজত সংঘৰ্ষ, গুৰুতৰভাবে আহত দুজন

শিৱৰাত্ৰিৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে পথ দুৰ্ঘটনা। ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৰায়েং তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৰায়েং তিনিআলিত FZ পুৰণি মডেলৰ এখন বাহন আৰু ছুইফট ডিজায়াৰ বাহনৰ মাজত সংঘৰ্ষ হয়।

এই সংঘৰ্ষত বাইক আৰোহী দুজন গুৰুতৰভাবে আহত হৈছে। গুৰুতৰভাবে আহত জোনাইৰ লাইমেকুৰীৰ জিতেন দলে আৰু দীনেশ মিচং।

সংকটজনক অৱস্থাত থকা দুয়োজন যুৱকক প্ৰথমে জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...