ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া এচিএ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা–২০২৬ৰ আনুষ্ঠানিক সৃচী ঘোষণা কৰিছে ।

টুৰ্ণামেণ্টৰ মেচসমূহ এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰ আৰু উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমীৰ খেলপথাৰত অহা ১০ মাৰ্চৰ পৰা আৰু গুৱাহাটীৰ জজ ফিল্ডত ১২ মাৰ্চৰ পৰা আৰম্ভ হব । সমগ্ৰ অসমৰ চৰকাৰী, অৰ্ধ চৰকাৰী, ব্যক্তিগত প্ৰতিষ্ঠান /কাৰ্যালয়,ৰাজহুৱা খণ্ড আৰু নিয়োগ খণ্ড / প্ৰতিষ্ঠানকে ধৰি বিভিন্ন কৰ্পৰেট হাউছৰ পৰা মুঠ ৩৬টা দলে এই সন্মানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

অংশগ্ৰহণকাৰী দলসমূহ : অসম সচিবালয় ক্ৰিকেট ক্লাব, ভাৰতীয় স্থপতি প্ৰতিষ্ঠান, অসম, গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেড, এন.এফ. ৰেলৱে ক্ৰিকেট দল, ইনফছিছ, গুৱাহাটী, ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান, গুৱাহাটী উচ্চ ন্যায়ালয়, সমবায় সমিতিৰ পঞ্জীয়ক, জনস্বাস্থ্য বিভাগ, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (আৰ আই এল), আয় কৰ বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, এফ চি আই, অসম, তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ দল,চাৰ্টাৰ্ড স্পীড লিমিটেড, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, অসম গেছ কোম্পানী লিমিটেড, অসম পেট্ৰ’-কেমিকেলছ লিমিটেড (এপিএল), ইণ্ডিয়া পোষ্ট অফিচ, ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড, অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড, শিক্ষা বিভাগ, বঙাইগাঁও, কেন্দ্ৰীয় পণ্যাগাৰ নিগম, ভেণ্টেজ চাৰ্কোল, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ, ইণ্ডিয়ান বেংক, গুৱাহাটী, জিলা ন্যায়পালিকাৰ কাৰ্যালয়, যোৰহাট, বাৰ কাউন্সিল, বেংক অৱ ইণ্ডিয়া, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান, ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বৰপেটা, অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰী বিনোদন ক্লাব, ইণ্ডাছ টাৱাৰ্ছ লিমিটেড আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কাৰ্যালয় ।


প্ৰতিটো গ্ৰুপত ৩টাকৈ দলেৰে অংশগ্ৰহণকাৰীসকলক ১২টা গ্ৰুপত বিভক্ত কৰা হৈছে । দিবা-নৈশ ভিত্তিত হ’বলগীয়া এই প্ৰতিযোগিতা টি -২০ খেলৰ চৰ্তাৱলী মানি অনুষ্ঠিত কৰা হব । গুৱাহাটীৰ জজ ফিল্ডত ২১ মাৰ্চত ছেমি ফাইনেল দুখন আৰু ২২ মাৰ্চত ফাইনেল অনুষ্ঠিত হ’ব ।


অংশগ্ৰহণকাৰী সকলো দলকে ৫ মাৰ্চ বা তাৰ আগতে, যথাযথভাৱে ফোন নম্বৰ আৰু কৰ্মচাৰী আইডিৰ সবিশেষ উল্লেখসহ নিজৰ চূড়ান্ত দলৰ তালিকা ( দুজন কৰ্মকৰ্তা আৰু ১৪ জন খেলুৱৈ ) জমা দিবলৈ অনুৰোধ জনোৱা হৈছে ।

এচিএ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্য হৈছে ৰাজ্যত ক্ৰীড়াসুলভতা আৰু ক্ৰিকেটৰ প্ৰসাৰ বৃদ্ধিৰ লগতে কৰ্পৰেট আৰু প্ৰতিষ্ঠানিক দলসমূহক এক প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা ।

অসম ক্ৰিকেট সন্থাই অংশগ্ৰহণ কৰা সকলো দললৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এক ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ বাবে আশাৰে অপেক্ষা কৰিছে ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...