IPLৰ অভিজ্ঞতাৰে গুৱাহাটী ৰয়েলছক পথ দেখুৱাব আবু নাচিমে

গুৱাহাটী, ৫ জুলাইঃ অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা আইপিএল অভিজ্ঞ দ্ৰুত বলাৰ আবু নাচিম আহমেদক অসম প্ৰিমিয়াৰ লীগ (APL)-ৰ প্ৰথম সংস্কৰণৰ বাবে গুৱাহাটী ৰয়েলছ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম ক্ৰিকেটৰ অন্যতম সফল ক্ৰিকেটাৰ হিচাপে পৰিচিত আবু নাচিম আহমেদ দীৰ্ঘ সময় ধৰি ৰাজ্যিক ক্ৰিকেটত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ২০০৫ চনত অসমৰ হৈ প্ৰথম-শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটোৱা নাচিমে পৰৱৰ্তী সময়ত ভাৰতৰ অনূৰ্ধ্ব-১৯ দলৰ হৈ ২০০৬ চনৰ বিশ্বকাপতো অংশগ্ৰহণ কৰিছিল। তেওঁ অসমৰ হৈ ৰঞ্জি ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আৰু SMAT ট্ৰফীত নেতৃত্ব দিয়াৰ লগতে দলটোৰ অন্যতম ভৰসাযোগ্য ব’লাৰ হিচাপেও পৰিচিত আছিল।

আইপিএলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমদিকৰ প্ৰতিনিধিসকলৰ অন্যতম হিচাপে আবু নাচিমে ২০১০ৰ পৰা ২০১৩লৈ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। ২০১৩ চনত মুম্বাই ইণ্ডিয়ানছৰ আইপিএল বিজয়ী দলৰো সদস্য আছিল তেওঁ। ইয়াৰ পিছত ২০১৪ৰ পৰা ২০১৬লৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জাৰ্ছীতো খেলিছিল। তেওঁৰ নামত প্ৰথম-শ্ৰেণীৰ ক্ৰিকেটত ১৬৭টা, লিষ্ট ‘এ’ত ৫৯টা আৰু টি-২০ ক্ৰিকেটত ৭৫টা উইকেট আছে।

২০২৩ চনত সকলো ধৰণৰ প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত আবু নাচিমে প্ৰশিক্ষক হিচাপে নতুন অধ্যায় আৰম্ভ কৰিব। ২০২৪ চনত গুৱাহাটী স্প’ৰ্টছ এছ’চিয়েশ্যনৰ জ্যেষ্ঠ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বও গ্ৰহণ কৰিছিল। এতিয়া অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণত গুৱাহাটী ৰয়েলছৰ দায়িত্ব তেওঁৰ ক্ৰীড়া জীৱনৰ আন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ অহা ১ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ পূৰ্বে ১৯ জুলাইত অনুষ্ঠিত হ’ব খেলুৱৈৰ নিলাম। ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰসকলক পেছাদাৰী মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ হোৱা এই লীগক অসম ক্ৰিকেটৰ বাবে এক নতুন যুগৰ সূচনা হিচাপে ধৰা হৈছে। এনে পৰিস্থিতিত গুৱাহাটী ৰয়েলছৰ মুখ্য প্ৰশিক্ষক হিচাপে আবু নিচিমৰ অভিজ্ঞতা আৰু নেতৃত্ব দলটোৰ বাবে অন্যতম শক্তি হিচাপে বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...