ইৰাণত আবদ্ধ প্ৰায় ১০ হাজাৰ ভাৰতীয় ছাত্ৰ; দেশলৈ ঘূৰাই পঠিয়াবলৈ অনুৰোধ ভাৰতৰ

ইৰাণ-ইজৰাইল সংঘাত আৰম্ভ হোৱাৰ পিছতে কমেও ১০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। কাৰণ, এই সকল ছাত্ৰ-ছাত্ৰী ইৰাণৰ বিভিন্ন চহৰত অধ্যয়নৰত। নতুন দিল্লীয়ে ইতিমধ্যে এই ছাত্ৰ-ছাত্ৰীসকলক নিৰাপদে ভাৰতলৈ ঘূৰাই পঠোৱাৰ বাবে অনুৰোধ জনাইছে। প্ৰত্যুত্তৰত ইৰাণে জনাইছে যে আকাশপথ বন্ধ থকাৰ বাবে এতিয়া বিমানেৰে ভাৰতলৈ যোৱাৰ উপায় নাই। তথাপিও, ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে স্থলপথেৰে ইৰাণ ত্যাগ কৰিব পাৰিব। এই ক্ষেত্ৰত, আজাৰবাইজান, তুৰ্কমেনিস্তান আৰু আফগানিস্তানৰ মাজেৰে স্থলপথেৰে তেওঁলোকে ভাৰতলৈ ঘূৰিব পাৰিব।

ৰবিবাৰে নিশা তেহৰান ইউনিভাৰ্চিটি অৱ মেডিকেল ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলৰ ওচৰতে ক্ষেপণাস্ত্ৰ আক্ৰমণ হয়। এই ঘটনাত দুজন ভাৰতীয় ছাত্ৰ আহত হয়, যদিও তেওঁলোকৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতীয় দূতাবাসৰ ওচৰত উদ্ধাৰৰ বাবে অনুৰোধ জনাই আহিছে। বহুতে জনাইছে যে, ক্ষেপণাস্ত্ৰ আক্ৰমণৰ আশংকাত তেওঁলোক নিশা শুব পৰা নাই। বিস্ফোৰণৰ শব্দত তেওঁলোকৰ টোপনি ভাগি যায় আৰু প্ৰতিটো মুহূৰ্ত তেওঁলোকে আতংকৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে।

ৰবিবাৰে তেহৰানৰ ভাৰতীয় দূতাবাসে জনাইছিল যে, তেওঁলোকে পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ইৰাণৰ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। কিন্তু তেহৰানৰ বাহিৰেও ইৰাণৰ বিভিন্ন প্ৰান্তত ইজৰাইলে আকাশীপথেৰে আক্ৰমণ চলাই আছে।

শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণত বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল। দেশখনৰ আকাশপথো বন্ধ কৰা হৈছে। এই পৰিস্থিতিত নতুন দিল্লীৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত ইৰাণে জনাইছে যে, ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে স্থলপথেৰে দেশ ত্যাগ কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...