আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ হ’ব হৰভজন সিং!

এইবাৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰ ঢাপলি মেলিব ৰাজনীতিলৈ। শেহতীয়াভাবে দেশজুৰি চৰ্চিত হৈছে হৰভজন সিং। পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰিব পাৰে শাসনাধিষ্ঠ আম আদমী পাৰ্টীয়ে। পঞ্জাৱত অচিৰে নিৰ্মাণ হব এখন ক্ৰীড়া বিশ্ববিশ্ববিদ্যালয়। এই উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব দিব পাৰে ক্ৰিকেটাৰজনক। ইয়াৰ পূৰ্বে জলন্ধৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ভগৱন্ত মানে। উল্লেখ্য যে, বুধবাৰে বিশাল আয়োজনেৰে প্ৰথমগৰাকী আপৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল মানে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...